তোষেশ্বৰ চেতিয়াতোষেশ্বৰ চেতিয়া (ইংৰাজী: Toseswar Chetia) ‘নতুন পৃথিৱী’ আৰু 'নতুন সাহিত্য পৰিষদ'ৰ এগৰাকী নেতা সাহিত্যিক। তেওঁ একাধাৰে কবি, গল্পকাৰ, ঔপন্যাসিক আৰু নিবন্ধকাৰ। সমাজতন্ত্ৰ-সাম্যবাদত বিশ্বাসী আৰু সংগ্ৰামী সাহিত্যিক।[1] পাৰিবাৰিক জীৱনতোষেশ্বৰ চেতিয়াৰ জন্ম - ১৯৪৫ চনত লখিমপুৰ জিলাৰ ঘিলামৰাৰ চেতিয়া গাঁৱত, পিতৃ স্বৰ্গীয় শান্তিৰাম চেতিয়া, মাতৃ - স্বৰ্গীয় দেৱীলতা চেতিয়া। ১৯৭১ চনৰ অক্টোবৰ মাহত ঢকুৱাখনা বান্তৌ গাঁৱৰ দিব্যলতা ফুকনৰ সতে বিবাহপাশত আৱদ্ধ হয়।[2] শিক্ষা১৯৫৫ চনত বৃত্তিসহ ঘিলামৰা ন-পুখুৰী এম, ভি স্কুলৰ পৰা এল,পি পাছ কৰে। ১৯৫৮ চনত বৃত্তিসহ একে স্কুলৰ পৰা এম, ভি পাছ কৰে। এইবছৰতে তেওঁৰ মাতৃ দেৱীলতা চেতিয়াৰ মৃত্যু হয়।[2] ঘিলামৰা হাইস্কুলৰ মুখপত্ৰ ‘উত্তৰায়ণ’ সম্পাদনা, ১৯৬২/৬৩ চনত দুটা সংখ্যা নিজৰো গল্প-কবিতা প্ৰকাশেৰে ১৯৬৪ চনত প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু এই বছৰেই তেওঁৰ পিতৃৰ মৃত্যু ঘটে॥[2] ১৯৬৪ চনতেই ঘিলামৰা কান্ত খনিকৰ ছোৱালী হাইস্কুলৰ সহশিক্ষক ৰূপে যোগদান কৰে। একে বছৰতে ঘিলামৰা নৰ্থ বেংক কলেজৰ পুৱাৰ শ্ৰেণীত নামভৰ্তি আৰু পদ্ম বৰকটকীৰ দ্বাৰা কলিকতাৰ পৰা সম্পাদিত ‘আমাৰ প্ৰতিনিধি’ত ‘পলাশৰো ৰং আছে' নামৰ গল্প প্ৰকাশ আৰু হোমেন বৰগোহাঞিৰ দ্বাৰা লিখিতভাৱে অভিনন্দন প্ৰদান। ১৯৬৫ চনত সুখ্যাতিৰে প্ৰাক্ বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৬৬ চনত ঘিলামৰা দীঘলী বিল মুক্তি আন্দোলনত একাধিকবাৰ গ্ৰেপ্তাৰ আৰু মোকৰ্দমা। ১৯৬৭ চনত খাদ্য আন্দোলন, দ্বিতীয় তেল শোধনাগাৰ আদি আন্দোলনত কাৰাবৰণ খাটে। ১৯৬৮ চনত হোমেন বৰগোহাঁই সম্পাদিত ‘সাপ্তাহিক নীলাচল’ত লেখা আৰম্ভ কৰে। একেবছৰতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থানেৰে ডিষ্টিংছনসহ বি, এ পাছ কৰে। ১৯৬৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ মহলাত নাম ভৰ্তি কৰে।[2] একে বছৰতে ‘দৈনিক অসম'ৰ গল্প প্ৰতিযোগিতাত ‘দীঘলী বিল’ গল্পৰে ৰাজ্যৰ অন্যতম শ্ৰেষ্ঠ গল্পৰ পুৰস্কাৰেৰে পুৰষ্কৃত হয়। ১৯৭০ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত গল্প প্ৰচাৰ হয়। সেই চনতেই শিক্ষামূলক ভ্ৰমণত সমগ্ৰ ভাৰতবৰ্ষ ভ্ৰমণ কৰে। ১৯৭০ চনতেই মালিগাঁৱত ৰেলৱে সদৰ কাৰ্যালয়ৰ দাবীত কাৰাবৰণ কৰে। ১৯৭১ চনত ইংৰাজী সাহিত্যত দ্বিতীয় শ্ৰেণীসহ এম, এ পাছ কৰে। সেই বছৰেই ঘিলামৰা নৰ্থ বেংক কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ৰূপে যোগদান কৰে।[2] সাংগঠনিক কাম-কাজ১৯৭২ চনত তেখেতৰ নিজা উদ্যোগত অবিভক্ত লক্ষ্মীমপুৰ জিলাৰ চি, পি, আই (এম) দল আৰু পৰৱৰ্তীকালত কৃষক সভা, ছাত্ৰ ফেডাৰেছন, যুৱ ফেডাৰেছন, গণতান্ত্ৰিক মহিলা সমিতি আৰু শ্ৰমিক ইউনিয়ন আদি গঠন কৰে। ১৯৭৪ চনত অসম কলেজ শিক্ষক সংস্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকলৈ নিৰ্বাচিত হয়। ১৯৭৫ চনত কলেজ শিক্ষক সংস্থাৰ আন্দোলনত গ্ৰেপ্তাৰ কৰি ইমাৰ্জেন্সিৰ ‘মিছা' আইনত ১৮ মাহ বিনা বিচাৰে বন্দী কৰি ৰাখে আৰু কলেজৰ চাকৰিৰ পৰা নিলম্বিত হয়। ১৯৭৭ চনত জেলৰ পৰা মুক্তি পাই কলেজত পুনৰ যোগদান কৰি ‘নতুন পৃথিৱী', গণসংস্কৃতি বিকাশ সমিতিত জড়িত হৈ পৰে। ১৯৭৮ চনত অসম কলেজ শিক্ষক সংস্থাৰ ডিব্ৰুগড় এলেকাৰ সাংগঠনিক সম্পাদক আৰু সংস্থাৰ আলোচনী সম্পাদকৰূপে নিৰ্বাচিত হয়। ১৯৭৮-৮১ চনৰ ভিতৰত প্ৰতিষ্ঠাপক সভাপতি ৰূপে ঘিলামৰা নগৰ হাইস্কুল প্ৰতিষ্ঠা কৰে। ১৯৭৯-১৯৮৪ চন পৰ্যন্ত অসম আন্দোলনকাৰীৰ দ্বাৰা নিৰ্যাতিত আৰু সমাজ বৰ্জিত হয়। ১৯৮৫ চনৰ পৰা ২০০৫ চনলৈকে ঘিলামৰা উন্নয়ন কমিটীৰ নীৰৱচ্ছিন্ন সভাপতি পদত নিযুক্ত। ১৯৮৮ চনত ঘিলামৰাত অনুষ্ঠিত নতুন সাহিত্য পৰিষদৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু পৰিষদৰ অন্যতম উপসভাপতি ৰূপে নিৰ্বাচিত হয়। ১৯৮৯ চনত কেৰেলাৰ ত্ৰিবান্দ্ৰমত অনুষ্ঠিত চি, পি, আই (এম)ৰ ৰাষ্ট্ৰীয় কংগ্ৰেছত অসমৰ অন্যতম প্ৰতিনিধিৰূপে যোগদান কৰে।[2] ১৯৯৪ চনত কলিকতাত অনুষ্ঠিত পূৰ্বাঞ্চল গণতান্ত্ৰিক সাহিত্য সন্মিলনত অসমৰ পৰা যোগদান কৰে। ১৯৯৫ চনত গড়কাপ্তানী পথ শ্ৰমিক ইউনিয়নৰ ঘিলামৰা সংমণ্ডলৰ সভাপতি ৰূপে শ্ৰমিক আন্দোলনত পুলিচে গ্ৰেপ্তাৰ কৰি অমানৱীয় নিৰ্যাতনেৰে ষাঠী ঘণ্টা লকআপত আৱদ্ধ ৰাখি ৪৫ দিন জেলত ৰাখে আৰু চাকৰিৰ পৰা নিলম্বিত হয়। জুনিয়ৰ কলেজ আৰু হায়াৰচেকেণ্ডেৰি শৈক্ষিক পৰিদৰ্শক আছিল একেবছৰতে। ১৯৯৯ চনত গড়কাপ্তানী আন্দোলনৰ মোকৰ্দমাত প্ৰথমে জিলা চি, জে, এম, আৰু ২০০০ চনত জিলা চেচন জাজৰ দ্বাৰা তিনিবছৰ সশ্ৰম কাৰাদণ্ড হয়। ২০০৩ চনত সদৌ ভাৰত কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক ফেডাৰেছনৰ জাতীয় সন্মিলন, মুম্বাইত অসমৰ পৰা যোগদান কৰে। ১৯৯০-৯২-৯৩-৯৪ চনত নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক কমিটীৰ সভাপতি। ১৯৯৭-৯৮-২০০১-০৪ চনত অসম কলেজ শিক্ষক সংস্থাৰ ৰাজ্যিক সভাপতি। ১৯৯৬ চনত সদৌ অসম গড়কাপ্তানী পথ শ্ৰমিক ইউনিয়নৰ অনাৰেৰি প্ৰেচিডেণ্ট।[2] সাহিত্য চৰ্চাতোষেশ্বৰ চেতিয়াৰ প্ৰকাশিত/সম্পাদিত গ্ৰন্থাৱলীঃ[2]
সম্পাদনা সমিতিৰ সদস্য/উপদেষ্টা, ফেঁহুজালি – সম্পাদক।[2] তথ্য উৎস |