তিল কপৌ
তিল কপৌ (ইংৰাজী: Spotted Dove, বৈজ্ঞানিক নাম: Spilopelia chinensis) সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই। দক্ষিণ-পূব এছিয়া তথা ভাৰত উপমহাদেশৰ ই এবিধ থলুৱা চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে বনাঞ্চল সমূহত দেখা যায় যদিও নগৰীয়া অঞ্চলতো ই বহুলভাৱে বিস্তৃত। বিৱৰণতিল কপৌৰ দেহৰ মূৰ আৰু পেট অংশ মুগা-গুলপীয়া (rosy grey) হয়। ডেউকা দুখন মটিয়া। ডিঙিৰ ওপৰঅংশত ক’লা-বগাকৈ সৰু সৰু কিন্তু গাঢ় দাগ কিছুমান আছে।[2][3] বিতৰণ তথা বসতিস্থলএছিয়াৰ প্ৰায় সকলো অংশতে তিল কপৌ বহুলভাৱে বিস্তৃত। ই সাধাৰণতে কাঠনি (woodland), কাইঁটীয়া হাবি (scrub), খেতি-পথাৰ (farmland) আদিত বসবাস কৰা দেখা পোৱা যায়। তিল কপৌৱে বেছিভাগ সময় মাটিত চৰি ফুৰে।[4] আচৰণতিল কপৌৱে জোৰ পাতি বা সৰু জাকত গুটি, সৰা ফল বা অন্যান্য উদ্ভিদৰ সন্ধানত মাটিত চৰে[5][6] মাজেসময়ে অৱশ্যে ইহঁতে পোক-পতংগ আদিও খোৱাৰ তথ্য পোৱা গৈছে।[7] আলোকচিত্ৰ
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|