তানখন

তানখন বৌদ্ধ বিহাৰসমূহত ওলোমাই ৰখা এখন পৱিত্ৰ কাপোৰ৷ বৌদ্ধ বিহাৰসমূহত এই তানখন নামে ঠেক অথচ দীঘল কাপোৰ এখন ওলোমাই থোৱাৰ অন্তৰালত এক কাহিনী আছে৷

জনশ্ৰুতি

এবাৰ এগৰাকী দুখীয়া মহিলাই তেওঁৰ আৰাধ্য ভগৱান বুদ্ধদেৱ গাঁৱৰ মাজেৰে পাৰ হৈ যাব বুলি শুনিলে৷ গাঁৱৰ ৰাইজে বুদ্ধদেৱক দিবলৈ খাদ্যবস্তু আৰু কাপোৰ যোগাৰ কৰিলে৷ অকলশৰীয়া মানুহগৰাকীৰো বুদ্ধদেৱক কিবা দিবলৈ মন গ’ল আৰু তেওঁ তেওঁৰ সমান্য সাঁচতীয়া পইচাৰে অলপ কপাহ কিনি, তাৰপৰা সূতা কাটি, এখন ঠেক সৰু কাপোৰ বৈ উলিয়ালে৷ সময়ত বুদ্ধদেৱ গাঁৱলৈ আহিল আৰু সকলোৱে খাদ্যবস্তু আৰু কাপোৰ দিবলৈ জুম বান্ধিলে৷ মানুহগাৰাকীয়েও জুমৰ মাজতে সোমাই বুদ্ধদেৱক সেই সৰু কাপোৰখন বৰ আগ্ৰহেৰে দিলে৷ পিছে, কাপোৰখনৰ আকাৰ দেখি সকলোৱে ঠাট্টা কৰি হাঁহিবলৈ ধৰিলে৷ কিন্তু বুদ্ধদেৱে বৰ আগ্ৰহেৰে সেই কাপোৰখন ল’লে আৰু সেই কাপোৰখনেই সকলোতকৈ উত্তম আৰু পৱিত্ৰ কাপোৰ বুলি সকলোকে জনাই দিলে কাৰণ সেই কাপোৰখনত মানুহগৰাকীৰ জীৱনৰ সমস্ত সাঁচতীয়া ধন আৰু ভক্তি সোমাই আছিল৷ তেতিয়াৰ পৰাই এই ঠেক কাপোৰখন অৰ্থাৎ তানখন বৌদ্ধ বিহাৰত ওলোমাই থোৱাৰ ৰীতি প্ৰচলিত হ’ল৷[1] টাই মহিলাসকল বোৱা-কটাত নিপুণ৷ তেওঁলোকে নানাৰঙী সূতাৰে নিজৰ সকলো বস্ত্ৰ তৈয়াৰ কৰি ল’ব পাৰে৷ কাতি মাহত পয় কাথিন উৎসৱ পালন কৰি তেওঁলোকে ভিক্ষুৰ বাবে কাপোৰ বয়৷ টাই শিপিনীয়ে বোৱা ’তানখন’ কাপোৰত সুন্দৰ ফুল আৰু নক্সা দেখিবলৈ পোৱা যায় তানখন কাপোৰত লতাজাতীয় ফুল তোলা নহয়৷

বয়ন ৰীতি

নিজে সূতা কাটি প্ৰাকৃতিকভাবে ঘৰতে লতা, শিপা, বাকলি আদিৰ পৰা ৰং তৈয়াৰ সূতাবোৰত ৰং দি কৰি টাই শিপিনীয়ে পৱিত্ৰ ’তানখন’ তৈয়াৰ কৰে৷ তানখনসমূহ সাধাৰণতে বগা ৰঙৰ আৰু বহলে দুই ফুট বা ডেৰফুটতকৈ অলপ বেছি৷ দীঘলৰ পৰিমাণ শিপিনীয়ে নিজৰ ইচ্ছামতে কৰিব পাৰে৷ একোখন তানখনত কেইবাধৰণৰ নক্সা আৰু ফুল দিব পাৰে৷ নক্সা বা ফুল দিবলৈ ৰঙীন সূতা ব্যৱহাৰ কৰে৷ একোটা নক্সা বা এশাৰী ফুলৰ পাছত বাঁহৰ মিহি কাঠিৰে তিনিশাৰীমান বৈ দিয়া হয়৷ তানখনবোৰত ফুলৰ বাহিৰেও পেগোদা, স্তুপ, বৌদ্ধ বিহাৰ, বিভিন্ন জীৱ-জন্তু, যেনে, বাঘ, সিংহ, মেকুৰী, ম’ৰা চৰাই আদিৰ ছবি দিয়া হয়৷ থাইলেণ্ডৰ বৌদ্ধ বিহাৰসমূহৰ তানখনবোৰত হাতী, ঘোঁৰা, সিংহ আদি জীৱ-জন্তুৰ ছবি দিয়াৰ উপৰি ফুলৰ নক্সা দিয়া হয়৷ ফুলবোৰ জ্যামিতিক আকৃতিৰ৷ সাধাৰণতে তাখনৰ ৰং বগা যদিও আজিকালি বেলেগ বেলেগ ৰঙৰ তানখনো দেখিবলৈ পোৱা যায়৷

তথ্য সংগ্ৰহ

  1. অসমত বৌদ্ধ ধৰ্মাৱলম্বী টাইসকলৰ জনজীৱনত এভূমুকি, ড° বন্তি ৰাণী গগৈ ফুকন৷