জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি
জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি (ইংৰাজী: Nationalist Congress Party) চমুকৈ NCP, ভাৰতৰ অন্যতম জাতীয় দল।[1] এই দলটোৱে সাধাৰণতে ভাৰতীয় জাতীয়তাবাদ আৰু গান্ধী ধৰ্মনিৰপেক্ষতাক সমৰ্থন কৰে।[2] ই মহাৰাষ্ট্ৰৰ সৰ্ববৃহৎ বিৰোধী দল আৰু নাগালেণ্ডৰ তৃতীয় বৃহত্তম দল। আন ৰাজ্যতো ই এক উল্লেখযোগ্য দল। নীতি-আদৰ্শএনচিপিৰ মুম্বাইৰ সভাপতি নবাব মলিকৰ মতে দলটোৱে ভাৰতৰ একত্ৰীকৰণৰ পোষকতা কৰে, লগতে ভাৰত, পাকিস্তান আৰু বাংলাদেশ পুনৰ এক দেশ হোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। মালিকে ইয়াক জাৰ্মানীৰ পুনৰ একত্ৰীকৰণৰ সৈতে তুলনা কৰিছিল আৰু কৈছিল "যদি বাৰ্লিনৰ দেৱাল ভাঙিব পৰা যায়, তেন্তে ভাৰত, পাকিস্তান আৰু বাংলাদেশ কিয় একত্ৰিত নহয়?"[3] তথ্য সংগ্ৰহ
|