জাগীৰোড
জাগীৰোড (ইংৰাজী: Jagiroad /ˈdʒʌɡɪˌroʊd/ ) ভাৰতৰ অসমত অৱস্থিত মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ। এই অঞ্চলটো কাগজ কলৰ বাবে প্ৰসিদ্ধ। তদুপৰি ইয়াৰ শুকান মাছৰ বজাৰো জনাজাত। এই অঞ্চলটোক পূৰ্বতে নখোলা নামেৰে জনা গৈছিল, ব্ৰিটিছৰ শাসনকালত ইয়াৰ মাজেৰে পাৰ হৈ যোৱা 'জাগী' নামৰ বাটটোৰ বাবে ইয়াক 'জাগীৰোড'লৈ পৰিৱৰ্ত্তন কৰা হয়। জনসংখ্যা২০০১ চনৰ লোকপিয়ল অনুসৰি,[1] জাগীৰোডৰ জনসংখ্যা ১৭,২৫৪ জন। ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। জাগীৰোডৰ গড় সাক্ষৰতাৰ হাৰ ৭৫%। মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৯% আৰু পুৰুষৰ ৮০%। তথ্য অনুসৰি এই অঞ্চলৰ ১২% জনসংখ্যা বয়স ছয়বছৰৰ অনূৰ্ধ্বৰ। ৰাজনীতি
জাগীৰোড নগাঁও (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।[2] যাতায়তজাগীৰোডৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ গৈছে। এই অঞ্চলটো মৰিগাঁও পথেৰে মৰিগাঁও জিলাৰ সৈতে সংযুক্ত। শিক্ষা
মহাবিদ্যালয়
উচ্চ মাধ্যমিক বিদ্যালয়
প্ৰাথমিক বিদ্যালয়
তথ্যসূত্ৰ
|