জয়নগৰৰ মোৱা
জয়নগৰৰ মোৱা (বঙালী: জয়নগরের মোয়া) এবিধ খেজুৰৰ গুড় আৰু আখৈৰে তৈয়াৰ কৰা বাঙালী মিঠাই। এই প্ৰকাৰৰ "মোৱা" প্ৰথমে পশ্চিমবঙ্গৰ জয়নগৰত তৈয়াৰ কৰা হৈছিল। কলকাতাৰ লগতে আন ঠাইসমূহতো সমানে জনপ্ৰিয় মিঠাই বিধ কেতিয়াবা সস্তীয়া সামগ্ৰী আৰু ৰসায়নিক গোন্ধৰে তৈয়াৰ কৰা হয়।[1] পৰিচয় আৰু সামগ্ৰীসমূহবহুতো সামগ্ৰী ব্যৱহাৰ কৰি "জয়নগৰৰ মোৱা" তৈয়াৰ কৰা হয়। সেইবোৰ হল নলেন গুড় (খেজুৰৰ গুড়), কণকচুৰ আখৈ (এবিধ সুগন্ধিত চাউলৰ আখৈ), দেশী ঘিঁউ, ইলাচি, আৰু পষ্ট' দানা। নলেন গুড় আৰু কণকচুৰ ঘাইকৈ শীতকালৰ সামগ্ৰী হোৱাৰ বাবে "জয়নগৰৰ মোৱা" শীতকালত উপলব্ধ হয়।[1] সাধাৰণ মোৱাবিধ মুৰি আৰু গুড়েৰে তৈয়াৰ কৰা কুৰকুৰীয়া লাৰু। এইবিধ মোৱা গোটেই বছৰধৰি তৈয়াৰ কৰা হয় আনকি সৰু সৰু প্লাষ্টিকৰ পেকেটত দোকানত পোৱা যায়। জয়নগৰ আচল সামগ্ৰীৰে তৈয়াৰ কৰা "জয়নগৰৰ মোৱা"ৰ ১৫০ খনতকৈ বেছি মিঠাইৰ দোকান আছে। ১৯২৯ চনত স্থাপন হোৱা "শ্ৰীকৃষ্ণ মিষ্টান্ন ভাণ্ডাৰ" এই মোৱা তৈয়াৰ কৰা এখন পুৰণি দোকান। এই মোৱায়ে ভাৰতৰ "ভৌগলিক পৰিচায়ক"ৰ মৰ্যাদা লাভ কৰিছে।[2][3] প্ৰত্যাহ্বানবৰ্তমান সময়ত "জয়নগৰৰ মোৱা"ৰ জনপ্ৰিয়তা আৰু প্ৰচুৰ চাহিদাৰ বাবে গোটেই পশ্চিমবঙ্গ, বিশেষকৈ কলকাতাত সস্তীয়া সামগ্ৰী আৰু ৰসায়নিক সুগন্ধিৰে বৃহৎ পৰিমাণৰ মোৱা তৈয়াৰ কৰি "জয়নগৰৰ মোৱা"ৰ নামত বাণিজ্যিকৰণ কৰা হৈছে। ইয়াৰ ফলত "জয়নগৰৰ মোৱা" প্ৰস্তুতকৰ্তা সকল লোকচানৰ সন্মুখীন হৈছে। তেওঁলোকে দাবী কৰিছে যে সস্তীয়া সামগ্ৰীৰে প্ৰস্তুত কৰা মোৱা খাঁটি নহয়, যিহেতু "জয়নগৰৰ মোৱা" কেৱল কণকচুৰৰ আখৈ আৰু খেজুৰৰ গুড়েৰে তৈয়াৰ কৰা উচিত। এই দুইবিধ সামগ্ৰীৰ উপস্থিতিৰ ওপৰি এই মোৱা কেৱল জয়নগৰত উৎপাদন কৰিলে হে খাঁটি মোৱা হব বুলি প্ৰস্তুতকৰ্তা সকলে কৈছে।[2] আজি কালি খেজুৰ গছৰ সংখ্যা কমাৰ বাবে খেজুৰৰ গুড়ৰ উপলব্ধতা কমি গৈছে আৰু পাৰম্পাৰিক পদ্ধতিৰে নলেণ গুড় তৈয়াৰ কৰা শিউলী সকলে আন বৃত্তিত যোগ দিছে। সেইদৰে কণকচুৰ চাউল এক স্থানীয় প্ৰজাতি আৰু কেৱল সাৰ নিদিয়া পাৰম্পাৰিক পদ্ধতিৰে শীতকালত হে খেতি কৰিব পাৰি।[2] তথ্য সংগ্ৰহ
|