ছায়ানী গুপ্তা
ছায়ানী গুপ্তা (ইংৰাজী: Sayani Gupta, জন্ম-৯ অক্টোবৰ, ১৯৮৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেখেতে সাধাৰণতে হিন্দী ছবিত অভিনয় কৰে৷ ছায়ানীয়ে ভাৰতীয় ছবি আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰিছে৷ ২০১২ চনত মুক্তিপ্ৰাপ্ত ছেকেণ্ড মেৰিজ ডট কম নামৰ ছবিখনৰ জৰিয়তে ছায়ানীয়ে ছবিজগতত পদাৰ্পণ কৰে৷[1] ইয়াৰ পিছত তেখেতে ফেন (২০১৬), জলি এল এল বি ২ (২০১৭) আৰু আৰ্টিকল ১৫ (২০১৯)ৰ দৰে ছবিত অভিনয় কৰিছে৷[2][3][4][5][6] মাৰ্গাৰিটা উইথ এ ষ্ট্ৰ নামৰ ছবিখনত ছায়ানীয়ে কাল্কী কেকলাঁৰ বিপৰীতে এগৰাকী অন্ধ পাকিস্তানী-বাংলাদেশী লেছবিয়ান সমাজকৰ্মী হিচাপে অভিনয় কৰে৷ [7] হিন্দী ছবি আৰ্টিকল ১৫ত প্ৰদৰ্শন কৰা অভিনয়ৰ বাবে ২০২০ চনত ছায়ানীয়ে লায়নছ্ গল্ডৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে৷[8] প্ৰাৰম্ভিক জীৱন১৯৮৫ চনৰ ৯ অক্টোবৰত পশ্চিমবংগৰ কলিকতাত ছায়ানী গুপ্তাৰ জন্ম হৈছিল৷ [9] ভাৰতীয় ছবি আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা ছায়ানীয়ে স্নাতক ডিগ্ৰী অৰ্জন কৰে৷[10][11] ছায়ানীৰ পিতৃ হৈছে কমল গুপ্তা আৰু মাতৃ হৈছে মৈত্ৰেয়ী৷ পিতৃ এগৰাকী প্ৰতিভাৱান সংগীতশিল্পী আছিল আৰু তেখেতে একাধিক বাদ্য পৰিৱেশন কৰিব জানিছিল৷ অল ইণ্ডিয়া ৰেডিঅ'ৰ লগত কৰ্মৰত হৈ থকাৰ লগতে তেখেত এগৰাকী গায়ক, গীতিকাৰ আৰু সুৰকাৰ হিচাপেও জনাজাত হৈছিল৷ ভাৰতত এফএমৰেডিঅ'ক প্ৰতিষ্ঠা কৰোঁতে যিসকল ব্যক্তিয়ে আগভাগ লৈছিল, তাৰ ভিতৰত কমল গুপ্তাও অন্যতম৷ তেনে এটা সাংগীতিক পৰিৱেশত প্ৰতিপালিত হোৱা ছায়ানীয়ে থাংকামণি কুট্টীকে প্ৰমুখ্য কৰি একাধিক গুৰুৰ পৰা সোতৰ বছৰকাল ভাৰতনাট্যমৰ প্ৰশিক্ষণ লৈছিল৷ ইয়াৰ উপৰি ছায়ানী নন্দীকাৰ নামৰ থিয়েটাৰ গোটটোৰো সদস্যা আছিল আৰু থিয়েটাৰৰ লগত জড়িত থাকি বহুতো প্ৰকল্পৰ সান্নিধ্যলৈ আহিছিল৷[12] কৰ্মজীৱন২০১২ চনত ছায়ানীয়ে গৌৰৱ পুঞ্জাৱনীয়ে পৰিচালনা কৰা ছেকেণ্ড মেৰিজ ডট কমত শীৰ্ষ চৰিত্ৰ ৰূপায়ণ কৰে৷ ছবিখনে সমালোচকৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়৷ ২০১৩ চনত ছায়ানীক এখন বাংলা ভাষাৰ ছবি তাষেৰ দেশত দেখা যায়৷ অনুৰাগ কাশ্যপে প্ৰযোজনা কৰা এই ছবিখনৰ পৰিচালক আছিল গাণ্ডু ফেমৰ কিউ (Q)৷ সোণালী বসুয়ে পৰিচালনা কৰা আৰু ভিয়াকম ১৮ৰ দ্বাৰা প্ৰযোজিত হোৱা ২০১৪ চনৰ হিন্দী ছবি মাৰ্গাৰিটা উইথ এ ষ্ট্ৰ নামৰ ছবিখনত অভিনয় কৰি ছায়ানীয়ে গোলকীয় স্বীকৃতি লাভ কৰে৷ ছবিখন বহুকেইটা ছবি মহোৎসৱতো প্ৰদৰ্শিত হয়৷[12] ইয়াৰ পিছত ছায়ানীয়ে শ্বাহ ৰুখ খানৰ দ্বাৰা অভিনীত ছবি ফেনত অভিনয় কৰে৷ এইখন ছবিৰ পৰিচালক আছিল মনীশ শৰ্মা৷ পৰৱৰ্তী সময়ত ছায়ানীয়ে অনুৰাগ বাসুৰ জাগ্গা জাছুছ, নিত্যা মেহৰাৰ বাৰ বাৰ দেখোত অভিনয় কৰে৷ লীনা য়াদৱৰ দ্বাৰা পৰিচালিত ছবি পাৰ্ছড্ হৈছে ছায়ানীয়ে অভিনয় কৰা এখন উল্লেখযোগ্য ছবি৷ ছবিখন টকিঅ' আন্তৰ্জাতিক ছবি মহোৎসৱত প্ৰদৰ্শিত হয়৷[13] [12] ২০১৯ চনত ছায়ানীয়ে জি ফাইভ অটিটি প্লেটফৰ্মযোগে মুক্তিলাভ কৰা অপৰাধমূলক ক্ৰাইম থ্ৰিলাৰ পোছম পাত অভিনয় কৰে৷ কিছুমান বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত নবৈমিনিটীয়া এই ছবিখনত ৰাগিনী খান্না, মাহী গীল আদিয়েও অভিনয় কৰিছিল৷ ছবিখনে দৰ্শক-সমালোচকৰ পৰা মোটামুটি যোগাত্মক সঁহাৰি লাভ কৰে৷ [14] ছবিৰ উপৰি ছায়ানীয়ে কেইবাখনো ৱেব ছিৰিজতো অভিনয় কৰিছে৷ ২০১৯ চনত এমাজন প্ৰাইমত মুক্তি লাভ কৰা ফ'ৰ ম'ৰ শ্বটছ্ প্লিজ নামৰ ৱেব ছিৰিজটোত ছায়ানীয়ে দামিনী ৰয় নামৰ এগৰাকী অনুসন্ধানকাৰী সাংবাদিকৰ ভূমিকা ৰূপায়ণ কৰে৷ ছিৰিজটোৰ দ্বিতীয়টো ছিজন ২০২০ চত মুক্তি হয়৷ ছিৰিজটোৰ পৰিচালক হৈছে নুপূৰ আস্থানা আৰু অনু মেনন৷ ছিৰিজটোৰ দুয়োটা ছিজনতেই ছায়ানীৰ লগত কীৰ্তি কূলহাৰি, মানৱী গগৰু, বানী জেয়ে অভিনয় কৰে৷ [15] তথ্যসূত্ৰ
|