চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ এখন অসমৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ২০১৮ চনত অসম চৰকাৰে কাছাৰ জিলাৰ শিলচৰত এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে। চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আৰু ভাৰতীয় দন্ত পৰিষদৰ পৰা স্বীকৃতি প্ৰাপ্ত।[1] শিক্ষাএই মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম আগবঢ়ায়। এই পাঠ্যক্ৰমত নামভৰ্তি ৰাষ্ট্ৰীয় পাত্ৰতা আৰু প্ৰৱেশ পৰীক্ষা(NEET)ৰ ফলাফলৰ ওপৰত আধাৰিত। ই অসম চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। পাঠ্যক্ৰম
তথ্য উৎস
|