চীনৰ মহাপ্ৰাচীৰ
চীনৰ মহাপ্ৰাচীৰ (ইংৰাজী: Great Wall of China) শিল আৰু মাটিৰে নিৰ্মিত এক দীঘল প্ৰাচীৰ। এই মহাপ্ৰাচীৰ "গ্ৰেট ৱাল অফ চাইনা" নামেৰে বিশ্ব বিখ্যাত। খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ পৰা খ্ৰীষ্টীয় ১৬শ শতিকা লৈকে চীনৰ উত্তৰ সীমান্ত সুৰক্ষিত কৰিবলৈ এই মহাপ্ৰাচীৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ কৰা হৈছিল। অতীতত চীনদেশত খ্ৰীষ্টপূৰ্ব ৭ম শতিকাৰ আৰম্ভণিৰ পৰা কেইবাখনো দেৱাল নিৰ্বাচিত স্থানসমূহত নিৰ্মাণ কৰা হৈছিল।[2] পিছলৈ চীনৰ প্ৰথম সম্ৰাট কিন ছি হুয়াঙে (খ্ৰীষ্টপূৰ্ব ২২০-২০৬) এই দেৱালবোৰ সংযোজিত কৰিছল। কিন্তু কিন ছি হুয়াঙৰ অধীনত নিৰ্মাণ কৰা দেৱালৰ সামান্য অবশিষ্টহে এতিয়া আছে।[3] পিছলৈ বহুতো ৰাজবংশই ক্ৰমান্বয়ে সীমান্তৰ দেৱালৰ একাধিক প্ৰসাৰ, নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ কৰি গৈছে। দেৱালখনৰ আটাইতকৈ পৰিচিত অংশবোৰ মিং ৰাজবংশৰ (১৩৬৮-১৫৪৪) সময়তে নিৰ্মিত হৈছিল। প্ৰতিৰক্ষাৰ উপৰিও, মহাপ্ৰাচীৰৰ অন্যান্য উদ্দেশ্য হৈছে সীমান্ত নিয়ন্ত্ৰণ; যাৰ দ্বাৰা চিল্ক ৰোডৰ কাষত পৰিবহন কৰা সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা, বাণিজ্য আৰু প্ৰব্ৰজন নিয়ন্ত্ৰণ।[4] মহাপ্ৰাচীৰৰ পথটোৱে পৰিবহন কৰিডৰ হিচাপেও কাম কৰিছিল। তদুপৰি প্ৰহৰীস্তম্ভ, ট্ৰুপ-বেৰেক, গেৰিচন ষ্টেচন নিৰ্মাণ, ধোঁৱা বা জুইৰ জৰিয়তে সংকেত দিয়াৰ সামৰ্থ্যৰ দ্বাৰা মহাপ্ৰাচীৰৰ প্ৰতিৰক্ষামূলক বৈশিষ্ট্য বৃদ্ধি হৈছিল। এই বিশাল প্ৰাচীৰৰ বিভিন্ন অংশ বিভিন্ন চৈনিক ৰাজবংশৰ দ্বাৰা নিৰ্মিত। সামূহিকভাৱে এই দেৱাল পূবৰ লিয়াওডঙৰ পৰা পশ্চিমৰ লপ হ্ৰদলৈকে, উত্তৰৰ বৰ্তমানৰ চীন-ৰাছিয়ান সীমান্তৰ পৰা দক্ষিণৰ তাও নদীলৈকে (তাওহে) বিস্তাৰিত; মংগোলীয় ষ্টেপৰ কাষত প্ৰায়ে বৰ্ণনা কৰা এটা আৰ্কৰ সৈতে মুঠ ২০,০০০ কিলোমিটাৰতকৈও (১২,০০০ মাইল) অধিক বিস্তৃত।[5] বৰ্তমান এই প্ৰাচীৰৰ প্ৰতিৰক্ষামূলক ব্যৱস্থাক ইতিহাসৰ আটাইতকৈ আকৰ্ষণীয় স্থাপত্য ৰচনা হিচাপে স্বীকৃতি দিয়া হয়।[6] ইতিহাসপ্ৰাৰম্ভিক দেৱালসমূহখ্ৰীষ্টপূৰ্ব ৮ম আৰু ৫ম শতিকাৰ ভিতৰত চীনাসকল বসন্ত আৰু শৰৎ কালৰ দেৱাল নিৰ্মাণৰ কৌশলৰ সৈতে পৰিচিত আছিল।[7] এই সময়ছোৱাত কিন, ৱেই, ঝাও, কিউই, হান, ইয়ান আৰু ঝংশান ৰাজ্যসমূহে তেওঁলোকৰ নিজৰ সীমা ৰক্ষাৰ বাবে ব্যাপক দুৰ্গ নিৰ্মাণ কৰিছিল[8][9]। তৰোৱাল আৰু বৰ্শা আদিৰ দৰে সৰু অস্ত্ৰৰ আক্ৰমণৰ পৰা নিজকে বচাবলৈ দেৱালবোৰ নিৰ্মাণ কৰা হৈছিল। এই দেৱালবোৰ বেছিভাগ শিলৰ মাটি আৰু গ্ৰেভেলৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল। কিনৰ ৰজা ঝেঙে তেওঁৰ বিৰোধীসকলক হৰুৱাই খ্ৰীষ্টপূৰ্ব ২২১ চনত কিন ৰাজবংশৰ প্ৰথম সম্ৰাট ("কিন ছি হুয়াং") হিচাপে চীনক একত্ৰিত কৰিছিল। কেন্দ্ৰীভূত শাসন জাপি দিবলৈ আৰু জমিদাৰসকলৰ পুনৰুত্থান প্ৰতিহত কৰিবলৈ তেওঁ পূৰ্বৰ ৰাজ্যসমূহৰ মাজত সাম্ৰাজ্যবিভাজন কৰা দেৱালৰ অংশবোৰ ধ্বংস কৰাৰ নিৰ্দেশ দিছিল। অৱশ্যে উত্তৰৰ জিয়ংনু লোকসকলৰ বিৰুদ্ধে সাম্ৰাজ্যক অৱস্থিত কৰিবলৈ তেওঁ সাম্ৰাজ্যৰ উত্তৰ সীমান্তৰ বাকী থকা দুৰ্গসমূহক সংযোগ কৰিবলৈ নতুন দেৱাল নিৰ্মাণৰ নিৰ্দেশ দিছিল। দেৱাল নিৰ্মাণৰ ক্ষেত্ৰত "নিৰ্মাণ আৰু বিকাশ" এক কেন্দ্ৰীয় পথপ্ৰদৰ্শক নীতি আছিল। ইয়াৰ অৰ্থ হৈছে যে চীনাসকলে এই দেৱালবোৰ স্থায়ীভাৱে সীমা স্থিৰ কৰিবলৈ নিৰ্মাণ কৰা নাছিল।[10] নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বৃহৎ পৰিমাণৰ সামগ্ৰী পৰিবহন কৰাটো কঠিন আছিল, সেয়েহে নিৰ্মাতাসকলে সদায় স্থানীয় সম্পদ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। পৰ্বতমালাত পোৱা শিলবোৰ পৰ্বতমালাৰ ওপৰত ব্যৱহাৰ কৰা হৈছিল, আনহাতে সমভূমিত নিৰ্মাণৰ বাবে মাটি ব্যৱহাৰ কৰা হৈছিল। কিন দেৱালৰ সঠিক দৈৰ্ঘ্য আৰু গতিপথ সূচিত কৰা কোনো ঐতিহাসিক তথ্য নাই। প্ৰাচীন দেৱালবোৰৰ বেছিভাগেই শতিকা জুৰি খহি গৈছে, আৰু আজি খুব কম অংশই ৰৈ গৈছে। নিৰ্মাণৰ মানৱীয় ব্যয় অজ্ঞাত যদিও কিছুমান লেখকে অনুমান কৰিছে যে কিন দেৱাল নিৰ্মাণ কৰোঁতে লাখ লাখ শ্ৰমিকৰ মৃত্যু হৈছিল। পিছলৈ হান,[11] উত্তৰ ৰাজবংশ আৰু চুই সকলোৱে উত্তৰৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে আত্মৰক্ষা কৰাৰ বাবে মহাপ্ৰাচীৰৰ অংশবোৰ মেৰামতি, পুনৰ নিৰ্মাণ বা সম্প্ৰসাৰিত কৰিছিল।[12] টাং আৰু চং ৰাজবংশসমূহে অঞ্চলটোত কোনো গুৰুত্বপূৰ্ণ প্ৰচেষ্টা চলোৱা নাছিল।[13] বহুতো ৰাজবংশ যি হান নাছিল, তেওঁলোকেও সীমান্ত বেৰ নিৰ্মাণ কৰিছিল: জিয়ানবেই শাসিত উত্তৰ ৱেই, খিতান শাসিত লিয়াও, জুৰ্চেন জিন আৰু টাংগুট-প্ৰতিষ্ঠিত পশ্চিম জিয়া আদি ৰাজবংশই শতিকাজুৰি উত্তৰ চীনৰ বিস্তীৰ্ণ অঞ্চল শাসন কৰিছিল। তেওঁলোকে সকলোৱে প্ৰতিৰক্ষামূলক দেৱাল নিৰ্মাণ কৰিছিল, কিন্তু সেইবোৰ বৰ্তমানৰ চীনৰ মহাপ্ৰাচীৰ উত্তৰে অৱস্থিত আছিল; বিষেশকৈ মংগোলিয়া আৰু মংগোলিয়াৰ আভ্যন্তৰীণ প্ৰদেশত।[14] মিং যুগচতুৰ্দশ শতিকাত মিঙৰ অধীনত মহাপ্ৰাচীৰৰ ধাৰণাটো পুনৰুজ্জীৱিত হৈছিল,[15] বিশেষকৈ টুমুৰ যুদ্ধত ইৰাটছৰ দ্বাৰা মিং সেনাৰ পৰাজয়ৰ পিছত। মিঙে ক্ৰমাগত যুদ্ধৰ পিছত মংগোলীয় জনজাতিসকলৰ ওপৰত স্পষ্ট আধিপত্য অৰ্জন কৰাত ব্যৰ্থ হৈছিল আৰু দীৰ্ঘদিন ধৰি চলি অহা সংঘৰ্ষই সাম্ৰাজ্যৰ ওপৰত প্ৰভাৱ পেলাইছিল। মিঙে চীনৰ উত্তৰ সীমান্তত দেৱাল নিৰ্মাণ কৰি যাযাবৰ জনজাতিসকলক বাহিৰত ৰাখিবলৈ এক নতুন ৰণনীতি গ্ৰহণ কৰিছিল। অৰ্ডোছ মৰুভূমিত স্থাপিত মংগোলসকলৰ নিয়ন্ত্ৰণ আৰু স্থাপত্য স্বীকাৰ কৰি দেৱালখনে হালধীয়া নদীৰ বাঁক অন্তৰ্ভুক্ত কৰাৰ পৰিৱৰ্তে মৰুভূমিৰ দক্ষিণ প্ৰান্ত অনুসৰণ কৰিছিল। আগৰ দুৰ্গবোৰৰ বিপৰীতে মাটিৰ পৰিৱৰ্তে ইটা আৰু শিলৰ ব্যৱহাৰৰ দ্বাৰা মিঙৰ নিৰ্মাণশৈলী অধিক শক্তিশালী আৰু বিস্তৃত আছিল। দেৱালখনত ২৫,০০০লৈকে প্ৰহৰীস্তম্ভ নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰা হয়। [16]. যিহেতু মংগোলসকলৰ অভিযান বছৰ বছৰ ধৰি সময়ে সময়ে অব্যাহত আছিল; মিঙসকলে দেৱালবোৰ মেৰামতি আৰু শক্তিশালী কৰাৰ বাবে যথেষ্ট সম্পদ নিয়োজিত কৰিছিল। বেইজিঙৰ মিং ৰাজধানীৰ ওচৰৰ অংশবোৰ বিশেষভাৱে শক্তিশালী আছিল।[17] তথ্য সংগ্ৰহ
|