দাৰিয়া কোটৰ নক্সা । তাহানিতে সৰু সৰু লৰা-ছোৱালীৰ মাজত এই খেল প্ৰচলিত আছিল। নক্সাত দেখুওৱাৰ দৰে মাটিত খাজ কাটি ঘৰ বনাই ৬টা বা ৮ টা কোঠালী কৰি লোৱা হয়। দুটা দলত বিভক্ত হৈ এটা দলে কোট বোৰৰ ভিতৰত পহৰা দিয়ে আৰু আনটো দলে এজন এজনকৈ কোটবোৰৰ ভিতৰত সোমাবলৈ এনেকৈ প্ৰয়াস কৰে যাতে ভিতৰত পহৰা হৈ থকা সকলে তেওঁক হাতেৰে চুব নোৱাৰে।
|