চান্দ সদাগৰ
চান্দ সদাগৰ (ইংৰাজী: Chand Sadagar) হৈছে প্ৰাচীন অসমীয়া মনসা কাব্য বা বঙালী সাহিত্যৰ সুবিখ্যাত মংগলকাব্য মনসামংগল, শিৱ পুৰাণ আদিৰ চৰিত্ৰ লখিন্দৰৰ পিতৃ আৰু বেউলাৰ শহুৰ। তেওঁ প্ৰাচীন ভাৰতৰ চম্পক নগৰৰ এজন খুব ধনী তথা ক্ষমতাশালী বণিক আছিল।[1] চান্দ সদাগৰৰ উপাখ্যানৰ লগত সৰ্পদেৱী মনসাৰ কাহিনীও জড়িত হৈ আছে। বৰ্তমানৰ দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁৱত চান্দ সদাগৰ নিৰ্মিত মেৰঘৰৰ ধ্বংসাৱশেষ পোৱা যায়। তদুপৰি লোকগীতসমূহত বেউলা-লক্ষিন্দাৰৰ বিভিন্ন কাহিনীৰ উল্লেখে চান্দ সদাগৰৰ গুৰুত্ব বহন কৰে। বংশধৰচান্দ সদাগৰৰ পত্নীৰ নাম আছিল সনেকা। লখিন্দৰ তেওঁৰ পুত্ৰ আছিল আৰু সাহেই ৰাজ্যৰ জীয়াৰী বেউলা আছিল চান্দ সদাগৰৰ বোৱাৰী তথা লখিন্দৰৰ পত্নী। পূৰ্বজন্মত বেউলা বাণাসুৰৰ জীয়েক ঊষা আৰু লখিন্দৰ প্ৰদ্যুম্নৰ পুত্ৰ তথা শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ আছিল বুলি জনা যায়।[2] টোকা
তথ্য সংগ্ৰহ
পঠনীয়
বাহ্যিক সংযোগ |