গীতা ভেংকটৰমণ
গীতা ভেংকটৰমণ (ইংৰাজী: Geetha Venkataraman, জন্ম: ২৯ আগষ্ট ১৯৬৭) এগৰাকী ভাৰতীয় মহিলা গণিতজ্ঞ।[1] গীতা ভেংকটৰমণ বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ "স্কুল অব লিবাৰেল ষ্টাডিজ"ৰ এগৰাকী গণিতৰ অধ্যাপক। ইয়াৰ পূৰ্বে তেওঁ ১৯৯৩ চনৰ ছেপ্তেম্বৰৰ পৰা ২০১০ চনলৈ চেইণ্ট ষ্টিফেন্স কলেজ, দিল্লীৰ গণিত বিভাগত অধ্যাপনা কৰিছিল। জন্ম পৰিচয় আৰু শিক্ষাগীতা ভেংকটৰমণে এটা তামিল পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ মাতৃ পদাৰ্থবিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী আছিল যদিও গণিত ভাল পাইছিল। জীয়েকৰ ঘৰুৱা শিক্ষক মাকেই আছিল। মাতৃয়ে বিয়াৰ পিছত চেন্নাইৰ ষ্টেলা মাৰিচ কলেজত কৰি থকা পদাৰ্থবিজ্ঞান গৱেষণাগাৰৰ সহায়কাৰীৰ চাকৰিটো বাদ দিছিল। গীতা ভেংকটৰমণৰ পিতৃ বায়ুসেনাবাহিনীৰ শিক্ষা গোটৰ এগৰাকী বিষয়া আছিল আৰু তেওঁৰ চাকৰিটো স্থানান্তৰী আছিল।[1] ১৯৫০ ৰ দশকত চেন্নাইৰ বিবেকানন্দ কলেজৰ পৰা গণিতত অনাৰ্ছসহ বি এ ডিগ্ৰী লাভ কৰা পিতৃয়ে প্ৰথমে কইম্বাটোৰৰ গভৰ্নমেণ্ট কলেজ অৱ টেকন'ল'জিত প্ৰবক্তাৰূপে অস্থায়ী চাকৰি কৰিছিল।[1] পিতৃ, মাতৃ দুয়ো গণিতৰ লগত জড়িত আছিল হেতু স্বাভাৱিকতে গীতা ভেংকটৰমণ গণিতৰ প্ৰতি আকৰ্ষিত হৈছিল। প্ৰাথমিক শিক্ষাগীতা ভেংকটৰমণে মাদ্ৰাজৰ খ্ৰীষ্ট কনভেণ্ট স্কুলকে ধৰি ভাৰতৰ বিভিন্ন ঠাইত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। শিশু অৱস্থাতে তেওঁৰ প্ৰখৰ বুদ্ধিৰ পৰিচয় পোৱা গৈছিল। অৱদিত কেন্দ্ৰীয় বিদ্যালয়খনত তৃতীয় শ্ৰেণীৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হওঁতে চতুৰ্থ শ্ৰেণীৰ বাবে পৰীক্ষা দি থকা শিশু এটাৰ গণিতৰ সমস্যা এটা সমাধানত সহায় কৰিছিল।[1] মাধ্যমিক শিক্ষা১৯৭০ৰ দশকৰ মাজভাগত দহবছৰ বয়সত অৱদিত পঞ্চম শ্ৰেণী উত্তীৰ্ণ হয়।[1] তাৰ পিছত দেউতাকৰ চাকৰি মধ্যপ্ৰদেশৰ পাচমাৰ্হি নামৰ পাহাৰীয়া অঞ্চল এটালৈ সলনি হোৱাত গীতাই বিন্ধ্যা পৰ্বতৰ উত্তৰে থকা নতুন কেন্দ্ৰীয় বিদ্যালয়ত নাম অন্তৰ্ভুক্তি কৰে। উল্লেখযোগ্য, পিতৃৰ ঠাই সলাবলগীয়া চাকৰিটোৰ বাবে ভাৰতৰ বিভিন্ন ঠাইৰ স্কুলত তিষ্ঠি থাকিবলৈ হিন্দী জনাটো প্ৰয়োজন আছিল। সেয়ে মাতৃয়ে খ্ৰীষ্ট কনভেণ্ট স্কুলত গীতাক তামিল শ্ৰেণীলৈ সলনি কৰি দিছিল। দক্ষিণ বাংগালোৰৰ কেন্দ্ৰীয় বিদ্যালয় হেবালত গীতাই বীজগণিত শিকিছিল। ঠাই সলনি আৰু উত্তৰৰ পৰা দক্ষিণলৈ কৰা যাত্ৰাৰ বাবে এমাহ ধৰি পাঠদানত উপস্থিত থাকিব পৰা নাছিল। সেই ক্ষেত্ৰত দেউতাকে গীতাক সহায় কৰিছিল। অতিৰিক্ত সহায়ৰো প্ৰয়োজন হৈছিল। প্ৰাথমিক কথাখিনি ভালকৈ বুজি উঠাৰ পিছত তেওঁৰ সমস্যা হোৱা নাছিল। ১৯৮১ চনত দিল্লীলৈ আহে আৰু কেন্দ্ৰীয় বিদ্যালয় এন্দ্ৰুজ গঞ্জত দশম শ্ৰেণীত ভৰ্তি হৈছিল।[1] দশম শ্ৰেণীত সমাজ অধ্যয়নৰ পাঠ্যক্ৰমে আৰ্য আৰু দ্ৰাবিড়িয়ানসকলৰ বিষয়ে সামৰি লৈছিল। যেতিয়াই দ্ৰাবিড়িয়ানসকলৰ কথা উল্লেখ কৰা হৈছিল, গোটেই শ্ৰেণীটোৱে তেওঁৰ ফালে ঘূৰি চাইছিল যেন দক্ষিণৰ পৰা তেওঁৱেই দ্ৰাবিড়িয়ানসকলৰ প্ৰতিনিধি। তেওঁ বহা চকীতো আংশিকভাৱে গজাল বিন্ধাই থৈ তেওঁক এগৰাকী মাদ্ৰাছী হিচাপে অনুভৱ কৰিবলৈ দিয়া হৈছিল। এইবোৰে গীতাৰ জীৱনত প্ৰভাৱ পেলাইছিল। দিল্লীত কটোৱা কৈশোৰ কালছোৱাত সমাজত পুত্ৰ সন্তানক কন্যা সন্তানতকৈ পৃথক ব্যৱহাৰ কৰাটোৱে গীতাৰ মনত বিদ্ৰোহৰ সৃষ্টি কৰিছিল। পৰিণতিত প্ৰতিবাদী মনে দশম শ্ৰেণীৰ পাছত বিজ্ঞান শাখাত নাম লগায়। সমাজ অধ্যয়নতকৈ বিজ্ঞানক ওপৰত ৰখাৰ মনোভাৱৰ ফলত এনে সিদ্ধান্ত লোৱাৰ কথাটোক গীতাই "ভাৰতত চলি থকা বিজ্ঞান বনাম সমাজ অধ্যয়নৰ 'জাতিভেদ প্ৰথা'ক আকোঁৱালি লৈছিলো" বুলি এক আত্মজীৱনীমূলক প্ৰবন্ধত গীতাই উল্লেখ কৰিছে।[1] উচ্চ শিক্ষামাধ্যমিক স্কুলত পঢ়া দিনত আভিযান্ত্ৰিক বিদ্যা পঢ়িবলৈ ইচ্ছা থকা গীতাৰ পিতৃৰ ইচ্ছা আছিল তেওঁক চিকিৎসক হিচাপে গঢ়া। কিন্তু পদাৰ্থবিজ্ঞানত ভাল নোহোৱাৰ বাবে পিছলৈ গীতাই স্কুলীয়া দিনৰ প্ৰিয় বিষয় গণিতত স্নাতক শ্ৰেণীত অন্তৰ্ভুক্ত হয়, দিল্লীৰ চেইণ্ট ষ্টিফেন্স কলেজত। তিনিবছৰীয়া স্নাতক শিক্ষাৰ সময়ছোৱাৰ দ্বিতীয় বছৰত তেওঁ বিমূৰ্ত গণিতৰ প্ৰতি আকৰ্ষিত হৈ পৰে। ১৯৮৮ চনত চেইণ্ট ষ্টিফেন কলেজৰ পৰা গণিতত অনাৰ্ছসহ বি এছ ছি ডিগ্ৰী লাভ কৰে।[1] ১৯৮৮ চনৰ পৰা ১৯৯৩ চনলৈ স্নাতকোত্তৰ সমপৰ্য্যায়ৰ ডিগ্ৰী আৰু ডক্টৰেল গৱেষণাৰ বাবে গীতা অক্সফ'ৰ্ডলৈ আহে। 'ইনলেকছ বৃত্তি' আৰু 'বাৰ্টন জেষ্ঠ্য বৃত্তি' লাভ কৰি তেওঁ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা উচ্চশিক্ষা গ্ৰহণ কৰে। ১৯৯৩ চনত অক্সফ'ৰ্ডৰ পৰা গণিতত এম এ আৰু ডি ফিল (পি এইচ ডি) ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁৰ ডক্টৰেল গৱেষণাৰ বিষয় হৈছে সংঘ তত্ত্ব।[1] নামৰ আঁৰৰ কথাকৈশোৰ কালত দিল্লীত সন্মুখীন হোৱা নিৰ্লজ্জ আঞ্চলিকতাবাদৰ ফলত গীতা কঠোৰ হৈছিল আৰু সংগ্ৰাম কৰিবলৈ শিকিছিল। বেয়া অভিজ্ঞতাৰ বাবে ৰাজহুৱা স্থানত মাতৃভাষা উচ্চাৰণ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু এগৰাকী উপাধিবিহীন মাদ্ৰাছী হিচাপে পৰিচিত হোৱাৰ চিন্তাটোক ঘৃণা কৰিছিল। ব'ৰ্ডৰ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত নিজৰ উপাধি এটা লগাই দি 'ভি. গীতা'ৰ সলনি 'গীতা ভেংকটৰমণ' কৰিছিল।[1] তদুপৰি মাকক মূৰত তেল সানিবলৈ বা বেণী গাঁঠি দিবলৈ মানা কৰিছিল, ফোঁট নলগোৱাৰ সিদ্ধান্ত লৈছিল, নিজকে খাপ খুওৱাৰ চেষ্টা কৰিছিল। অৱশ্যে অক্সফৰ্ডত কটোৱা পাঁচটা বছৰত নিজৰ মাতৃভাষাক লৈ কৰিব পৰা গৰ্বক পুনৰাৱিষ্কাৰ কৰিছিল। প্ৰকাশিত গ্ৰন্থতেখেতৰ গ্ৰন্থ, গৱেষণা-পত্ৰকে ধৰি অনন্যা প্ৰকাশিত সাহিত্যৰাজি হৈছে[2]
Teaching Students to Think, Economic and Political Weekly, August 25, 2007, 3449-3451.
তথ্যউৎস
বাহ্যিক সংযোগ |