গাৰাডি
পুডুচেৰীৰ এই গাৰাডী নৃত্য ৰামায়ণৰ কালৰ পৰাই উৎপত্তি হৈছে বুলি কোৱা হয়৷ ৰাৱণৰ ওপৰত ৰামৰ বিজয় উদযাপনৰ বাবে বানৰ সৈন্যই এই নৃত্য প্ৰদৰ্শন কৰিছিল। ইয়াক প্ৰধানকৈ ভগৱান বিষ্ণুৰ ৰথ যাত্ৰাৰ সময়ত পৰিৱেশন কৰা হয়। প্ৰতি নিশা পাঁচৰ পৰা আঠ ঘণ্টা ধৰি এই নৃত্য চলি থাকে। এই নৃত্যৰ স্বকীয় বৈশিষ্ট্য হ’ল লোহাৰ আঙঠি, যাক অঞ্জলি বুলি কোৱা হয়, যিবোৰ নৃত্যশিল্পীসকলে প্ৰতিখন ভৰিত দহটাকৈ পিন্ধি লয়। নৃত্যশিল্পীসকলে নৃত্যৰ তালে তালে কৰা পদচালনাৰ লগে লগে আঙঠিবোৰে শ্ৰুতিমধুৰ ধ্বনিৰ সৃষ্টি কৰে। নৃত্যশিল্পীসকলে হাতত একোখন নিচান লৈ ফুৰে আৰু ৰোমাডোলু নামৰ দুটা প্ৰকাণ্ড ঢোলৰ তালত নৃত্য কৰে। ঢোলটো অৰ্ধগোলাকাৰ আৰু ইয়াৰ ব্যাস প্ৰায় আঠ ফুট।[2] তথ্য সূত্ৰ
|