খুৰশীদ বানো
খুৰশীদ বানো (ইংৰাজী: Khursheed Bano; ১৪ এপ্ৰিল ১৯১৪-১৮ এপ্ৰিল ২০০১) এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী আছিল। ১৯৩১ চনত তেওঁ নিৰ্বাক চলচ্চিত্ৰৰে কৰ্মজীৱনৰ পাতনি মেলি একে বছৰৰ ভিতৰত সবাক চলচ্চিত্ৰত জড়িত হৈছিল। দুই দশক জুৰি চলচ্চিত্ৰত কৰ্মজীৱন অতিক্ৰম কৰাৰ পিছত ১৯৪৮ চনত দেশ বিভাজনৰ পিছত তেওঁ পাকিস্তানলৈ প্ৰব্ৰজন কৰাৰ সময়লৈ তেওঁ ত্ৰিশখনমান ছবিত অভিনয় কৰিছিল। তেওঁৰ প্ৰথম সবাক ছবি লাইলা মজনু (১৯৩১)। তেওঁক বিশেষভাবে জনা যায় কে.এল. চাইগলে অভিনয় কৰা তানসেন (১৯৪৩) ছবিৰ বাবে, য’ত খুৰশীদে অভিনয় কৰাৰ উপৰি তেওঁ কণ্ঠদান কৰা বহু কেইটা স্মৰণীয় গীতো চিত্ৰিত হৈছিল।[1][2] প্ৰাৰম্ভিক জীৱনখুৰশীদ বেগমৰ জন্ম হৈছিল লাহোৰৰ ওচৰৰ কচুৰ জিলাত আৰু সেই সময়ত তেওঁৰ নাম আছিল ইৰচাদ। সৰুকালত তেওঁ আল্লামা ইকবালৰ ঘৰৰ ওচৰত ভাট্টি গেট অঞ্চলত বাস কৰিছিল।[3] কৰ্মজীৱনখুৰশীদে সেহলা নামেৰে নিৰ্বাক ছবি আই ফৰ এন আই (১৯৩১) ছবিৰে কৰ্মজীৱনৰ পাতনি মেলিছিল। সেই বছৰতে ভাৰতীয় উপমহাদেশৰ প্ৰথম সবাক ছবি আলম আৰায়ো মুক্তি পাইছিল। এই সময়চোৱাত তেওঁৰ লেইলা মজনু (১৯৩১),মুফলিছ আশিক (১৯৩২),নকলী ডক্তৰ (১৯৩৩),বোম্ব শ্বেল আৰু মিৰ্জা চাহিবা (১৯৩৫),কিমিয়াগাৰ (১৯৩৬),ইমান ফৰোছ (১৯৩৭),মধুৰ মিলন (১৯৩৮) আৰু সিতাৰা (১৯৩৯) ছবিয়ে মুক্তি পাইছিল।[3] ১৯৩১ চনৰ পৰা ১৯৪২ চনৰ সময়চোৱাত তেওঁ কলকাতা আৰু লাহোৰৰ ষ্টুডিঅ’ই নিৰ্মাণ কৰা ছবিত কাম কৰিছিল আৰু এগৰাকী কণ্ঠশিল্পী অভিনেত্ৰী ৰূপে এক পৰিচিতি গঢ়ি উঠিছিল যদিও তেওঁৰ ছবিবোৰে বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল। ১৯৪০ৰ দশকৰ তেওঁৰ কেইখনমান ছবি হ’ল- মুচাফিৰ (১৯৪০)হোলী (১৯৪০),শাদী (১৯৪১) আৰু পৰদেশী (১৯৪১)। জ্ঞান দত্তই সঙ্গীত পৰিচালনা কৰা ভক্ত সুৰদাসৰ (১৯৪২) তেওঁ কণ্ঠদান কৰা পঞ্চী বাৱৰে শীৰ্ষক গীতটো যথেষ্ট জনপ্ৰিয় হৈছিল। ছবিখনৰ অন্য কেইটামান জনপ্ৰিয় গীত মধুৰ মধুৰ গা ৰে মনৱা, জোলী ভৰ তাৰাই লড়াই ৰে আৰু কে.এল. চাইগলৰ সৈতে দ্বৈতকণ্ঠৰ চান্দনী ৰাত ঔৰ তাৰায়ে খিলায়ে হুঁ।[4] ৰঞ্জিত মোভীটোনৰ চলচ্চিত্ৰত কে.এল. চাইগল আৰু মোতীলালৰ সৈতে অভিনয় কৰিবলৈ বোম্বেলৈ যোৱাৰ পিছত তেওঁ কৰ্মজীৱনৰ শীৰ্ষ স্তৰ পাইছিল। চতুৰ্ভূজ দোশী পৰিচালিত ভক্ত সুৰদাসত (১৯৪৩) কে.এল. চাইগলৰ বিপৰীতে অভিনয় কৰাৰ পিছত খুৰশীদৰ খ্যাতিয়ে শিখৰ চুইছিল। ইয়াৰ পিছতে মুক্তি পাইছিল তানসেন (১৯৪৩), যিখনক প্ৰথম সঙ্গীত তাৰকাৰ ছবি বুলি উল্লেখ কৰা হয়।[5] তেওঁ একেলগে কাম কৰা দুজন মুখ্য তাৰকা জয়ৰাজ আৰু ঈশ্বৰলাল।[3] তেওঁৰ অন্য কিছুমান ছবি হ’ল- মুমতাজ মহল (১৯৪০), চোটা মা (১৯৪৩), চাহেনচাহ বাবৰ (১৯৪৪), মুৰ্তি (১৯৪৫), মিট্টি (১৯৪৭), আৰু আপ বিটি (১৯৪৮)। পাকিস্তানত তেওঁৰ দুখন ছবিয়ে মুক্তি পাইছিল- মণ্ডী (১৯৫৬) আৰু ফনকাৰ (১৯৫৬)।[3] তথ্য উৎস
বাহ্যিক সংযোগ
|