কেশৱানন্দ দেৱগোস্বামী
কেশৱানন্দ দেৱগোস্বামী (ইংৰাজী: Keshabananda Debagoswami) হৈছে একাধাৰে এগৰাকী অসমীয়া পণ্ডিত-গৱেষক, শিপ্লী-সংগীতজ্ঞ, লেখক- কবি, গীতিকাৰ-কণ্ঠশিল্পী, অনুবাদক, ঔপন্যাসিক আৰু শিশু সাহিত্যক।[1] জন্ম আৰু বংশ পৰিচয়কেশৱানন্দ দেৱগোস্বামীৰ জন্ম হয় নগাঁও জিলাৰ ধিঙৰ বালিসত্ৰত ১৯৩০ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে। তেখেতৰ পিতৃ শিৱেন্দ্ৰ দেৱ অধিকাৰ গোস্বামী আৰু মাতৃ ঊষা দেৱী। শিক্ষাদেৱগোস্বামীয়ে ১৯৫৪ চনত বৰদোৱাৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তেখেতে ১৯৫৬ চনত আই এ আৰু ১৯৫৮ চনত বি এ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৬০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি অসমীয়া বিষয়ত এম এ ডিগ্ৰী লাভ কৰে। চাকৰি জীৱনদেৱগোস্বামীয়ে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। দেৱগোস্বামী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যাপক আছিল। ১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈকে তেওঁ পঞ্জাৱৰ পাটিয়ালা বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। [2] সাহিত্যৰাজিনাটক
কবিতা পুথি
উপন্যাস
চুটিগল্প সংকলন
শিশু সাহিত্য
অনুবাদ সাহিত্য
সম্পাদিত গ্ৰন্থ
বঁটা আৰু সন্মান
মৃত্যুদেৱগোস্বামীৰ মৃত্যু হয় ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে।[5] তথ্যসূত্ৰ |