কূৰ্ম
কূৰ্ম (সংস্কৃত: कूर्म; Kūrma, 'কচ্ছপ', 'কাছ') হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ দহটা অৱতাৰৰ দ্বিতীয় ৰূপ। এই অৱতাৰক 'কূৰ্মৰজা' (কাছৰ ৰজা) হিচাপেও জনা যায়। যজুৰবেদৰ দৰে বৈদিক গ্ৰন্থত কূৰ্মক কাশ্যপ নামৰ সপ্তৰ্ষি জনৰ সমাৰ্থক হিচাপে গণ্য কৰা হয়। সৰ্বসাধাৰণতে, পুৰাণৰ দৰে বৈদিক যুগৰ পৰৱৰ্তী কালৰ সাহিত্য সম্ভাৰত কূৰ্ম ক্ষীৰ সাগৰৰ মন্থন (যাক সমুদ্ৰ মন্থন হিচাপেও জনা যায়)ৰ সৈতে যোজিত কৰা হয়। তদুপৰি, কূৰ্ম এই পৃথিৱীৰ আধাৰ হিচাপে পৰিচিত 'বিশ্ব কচ্ছপ'ৰ সমাৰ্থক। ভগৱান বিষ্ণুৰ দশাৱতাৰৰ ভিতৰত কূৰ্ম হৈছে দ্বিতীয় অৱতাৰ। নামকৰণ আৰু ব্যুৎপত্তিসংস্কৃত শব্দ 'কূৰ্ম'ৰ অৰ্থ হৈছে কচ্ছপ বা কাছ।[1] 'কূৰ্মৰজা'ৰ অৰ্থ হৈছে কাছগণৰ ৰজা।[2] ভাগৱত পুৰাণৰ দৰে বৈদিক যুগৰ পৰৱৰ্তী সাহিত্যসম্ভাৰত বিষ্ণুৰ কাছ অৱতাৰক 'কচ্ছপ' (कच्छप), 'কমঠ' (कमठ), 'অকুপাৰ' (अकूपार), আৰু 'অম্বুচাৰ-আত্মনা' (अम्बुचर-आत्मना) হিচাপেও জনা যায়, আৰু এই কেউটা শব্দই কাছ বা কাছৰ কোনো বিশেষ ৰূপক বুজায়[3][4][5][6]। নিৰুক্তব্যাকৰণবিদ যস্কৰ দ্বাৰা লিখিত নিৰুক্ত হৈছে ছখন বেদাংগৰ (বেদৰ অংগ) ভিতৰৰ এখন। এই গ্ৰন্থখনত বেদসমূহৰ শুদ্ধ ব্যুৎপত্তি আৰু ব্যাখ্যা আগবঢ়োৱা হৈছে। এই গ্ৰন্থৰ কাছৰ প্ৰৱেশ সম্পৰকে এইদৰে কোৱা হৈছে (মূল লেখকৰ ৰূপৰ দৰে বৰ বন্ধনী '[ ]' ব্যৱহৃত হৈছে):
প্ৰতীকি'দৃঢ়তা / সুস্থিৰতা:' W. Caland-ৰ মতে পঞ্চবিংশ ব্ৰাহ্মণ আৰু জৈমিনীয় ব্ৰাহ্মণৰ সৈতে সংগতি ৰাখি কচ্ছপ হৈছে 'এক দৃঢ় সংস্থাপনৰ সমান... আৰু কাশ্যপ-(কাছ)এ [পাৰ্থিৱ স্থিতি]ৰ সাগৰৰ সিপাৰে প্ৰেৰণ কৰিবলৈ সক্ষম'। P.N. Sinha-ইও এই মতক সমৰ্থন কৰে, আৰু কয় 'কূৰ্ম এক মহৎ অৱতাৰ আছিল, কিয়নো এই অৱতাৰে ক্ষীৰ সাগৰৰ মন্থনৰ জৰিয়য়তে বিশ্বব্ৰহ্মাণ্ডৰ আধ্যাত্মিক পুনৰোৎপত্তিৰ পথ প্ৰস্তুত কৰিছিল।[7] বেদান্তলঘু যোগ বশিষ্ঠ
ওপৰত উৰ্দ্ধৃতিকৃত ভূষণ্ডক স্বামী পৰমেশ্বৰানন্দই 'আৱেগবৰ্জিত আৰু বহল হৃদয়ৰ কাউৰী' হিচাপে আখ্যায়িত কৰিছে।[8] যোগ বশিষ্ঠ নামৰ প্ৰভাৱশালী বেদান্তত ভূষণ্ডই ঋষি বশিষ্ঠক কৈছিল যে ধৰাৰ সংঘটনবোৰৰ পূৰ্বতে বাৰে বাৰে সংঘটিত হৈছে আৰু সৰ্বকাল সেইদৰেই ঘটি থাকিব। সামান্য পৰিৱৰ্তনৰে সৈতে ভগৱান বিষ্ণুৰ অৱতাৰসমূহৰো আৱিৰ্ভাৱ হৈ থাকিব। 'লঘু' যোগ বশিষ্ঠ হৈছে 'যোগ বশিষ্ঠ'ৰ সংক্ষিপ্ত ৰূপ। মন্দিৰপটশিল্পপশুত্বাৰোপণৰ দিশৰ পৰা কূৰ্ম অৱতাৰক এটা কাছ, অথবা সাধাৰণতে মানৱীকৰণৰ ফালৰ পৰা মূৰ্তি আৰু চিত্ৰত অৰ্দ্ধ-মানৱ (ককাঁলৰ ওপৰৰ অংশ) আৰু অৰ্দ্ধ-কচ্ছপ (ককাঁলৰ তলৰ অংশ) হিচাপে চিত্ৰায়িত কৰা হয়। স্থানভাৰতবৰ্ষত ভগৱান বিষ্ণুৰ কূৰ্ম অৱতাৰৰ প্ৰতি সমৰ্পিত চাৰিটা মন্দিৰ আছে:
তথ্যসূত্ৰ
গ্ৰন্থাৱলী
বাহ্যিক সংযোগৱিকিমিডিয়া কমন্সত কূৰ্ম সম্পৰ্কীয় মিডিয়া ফাইল।
|