কীব'ৰ্ডকীব'ৰ্ড বা চাবিফলক[1] (ইংৰাজী: Keyboard) এটি ইনপুট ডিভাইচ্, ইয়াৰ সহায়ত কম্পিউটাৰলৈ বা আন কোনো যন্ত্ৰলৈ বাৰ্তা প্ৰেৰণ কৰা হয়।[2] বুৰঞ্জীটাইপ ৰাইটাৰৰ কীব'ৰ্ড১৮৭৫ত মেঠিউ ৰ'পাৰে টাইপ ৰাইটাৰৰ (QWERTY) কীব'ৰ্ডৰ ধাৰণা সৃষ্টি কৰে টাইপ ৰাইটাৰত ব্যৱহাৰ কৰিবলৈ। খ্ৰিষ্টফাৰ চ'ল্সেও কীব'ৰ্ডত বৰঙনি যোগায়।[3] QWERTY কীব'ৰ্ডটাইপ ৰাইটাৰৰ উদ্ভাৱক খ্ৰিষ্টফাৰ চ'ল্সে প্ৰথম বৰ্তমান ব্যৱহাৰ কৰা ধৰণে কীব'ৰ্ডখন ডিজাইন কৰে। QWERTY কীব'ৰ্ডৰ এল্ফাবেটিকেল কীবোৰৰ প্ৰথম শাৰীৰ বাঁওফালৰ পৰা ৬টা আখৰেই হ'ল Q, W, E, R, T, Y।[4] কীসমূহকীব'ৰ্ডত এল্ফাবেটিক, নিউমাৰিকেল, কাৰ্চৰ, স্পেচিয়েল, ফাংচন- এইকেইটা প্ৰকাৰৰ কী থাকে। এল্ফাবেটিক আৰু নিউমাৰিকেল কীএল্ফাবেটিক কী আখৰ লিখিবলৈ ব্যৱহাৰ কৰা হয়। নিউমাৰিকেল পেডৰ নিউমাৰিকেল কী নিউমাৰিকেল লক ব্যৱহাৰ কৰি সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা যায় অন্যথা এই কীসমূহক কাৰ্চৰ কীৰ দৰে ব্যৱহাৰ কৰিব পাৰি। অন্য নিউমাৰিকেল কী সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা যায়৷[5] ফাংচন কীফাংচন কীক নিজৰ মতে প্ৰগ্ৰাম কৰি ল'ব পাৰি।[6] কাৰ্চৰ কীকাৰ্চৰ কীসমূহ স্ক্ৰীনত কাৰ্চৰডাল লৰাবলৈ ব্যৱহাৰ কৰা হয়৷[7] স্পেচিয়েল কীস্পেচিয়েল কী যেনে টেব, প্ৰিণ্ট স্ক্ৰীন আদিৰ বিভিন্ন বেলেগ বেলেগ ব্যৱহাৰ আছে৷[8] তথ্য সংগ্ৰহ
|