কল্যাণী দাস
কল্যাণী দাস (ইংৰাজী: Kalyani Das) (১৯০৭–১৯৮৩)হৈছে এগৰাকী ভাৰতীয় বিপ্লৱী আৰু পশ্চিম বংগৰ জাতীয়তাবাদী।[1][2] পৰিয়ালকল্যাণী দাস হৈছে ব্ৰাহ্ম সমাজৰ পৰিচিত শিক্ষক বেণী মাধব দাস আৰু সমাজ-কৰ্মী সৰলা দেৱীৰ ছোৱালী। তেওঁৰ ভনীয়েক বীণা দাসো এগৰাকী স্বাধীনতা যুঁজাৰু আছিল। শিক্ষাকল্যাণী দাসে কুট্টাকৰ ৰভেনশ্ব' কলেজিয়েট স্কুলত শিক্ষাগ্ৰহণ কৰিছিল। ১৯২৮ চনত কলা শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণকল্যাণী দাস ছাত্ৰী সংঘৰ এগৰাকী সদস্য আছিল। এইটো হৈছে কলকাতাৰ নাৰীৰ বাবে এটা অৰ্ধ-বিপ্লৱী সংগঠন। বেংগল চৰকাৰৰ বিৰুদ্ধে কল্যাণী দাসে ১৯৩০ চনত ছাত্ৰীসকলৰ প্ৰতিবাদত গুৰি ধৰিছিল। ১৯৩২ চনত চৰকাৰ-বিৰোধী কম-কাজৰ বাবে তেওঁক কৰায়ত্ত কৰা হৈছিল। একে সময়তে তেওঁৰ সহপাঠী, স্বাধীনতা সংগ্ৰামী কমলা দাস গুপ্তাকো কৰায়ত্ত কৰিছিল।[2] মৃত্যু১৯৮৩ চনৰ ১৬ ফেব্ৰুৱাৰীত কল্যাণী দাসৰ মৃত্যু হয়। সাহিত্যৰাজিকল্যাণী দাসে সম্পাদনা কৰা বেংগল স্পিকছ নামৰ গ্ৰন্থখন ১৯৪৪ চনত প্ৰকাশ হৈছিল আৰু কল্যাণীয়ে গ্ৰন্থখন ভনীয়েক বীণালৈ উচৰ্গিত কৰিছিল।[3] তথ্যউৎস
|