ঔ টেঙা
ঔ টেঙা (বৈজ্ঞানিক নাম:Dillenia indica, ইংৰাজী : Elephant Apple)[1][2]) অসমৰ স্থানীয় উদ্ভিদ। ই দক্ষিণ-পূব এছিয়াৰ পৰা ভাৰত, বাংলাদেশ, শ্ৰী লংকাৰ লগতে দক্ষিণ পশ্চিম চীন, ভিয়েটনাম, থাইলেণ্ড, মালয়ছিয়া পৰ্যন্ত বিস্তৃত হৈ আছে।[1] ঔ টেঙা অসমীয়া জনজীৱনৰ লগত ওতপ্ৰোত ভাৱে জড়িত। নামঔ টেঙা নামটোৰ উৎপত্তিৰ লগত কেইটামান লোককথা জড়িত হৈ আছে। প্ৰবাদ মতে এসময়ত এহাল বুঢ়া বুঢ়ী আছিল। এদিন বুঢ়ীৰ খুব টেঙা খাবলৈ মন যোৱাত বুঢ়াক কলে। বুঢ়াই বুঢ়ীৰ বাবে টেঙা আনিবলৈ বনলৈ গল। পিছে টেঙা বিচাৰি নাপাই শেষত ঔ টেঙা হে পালে। বুঢ়ীয়ে সেই টেঙা খাই খুব টেঙা পাই "টেঙা ঔ টেঙা ঔ" বুলি চিঞৰিব ধৰিলে। তাৰ পিছত বুঢ়ীয়ে এইবিধ নতুন টেঙাৰ নাম জানিব খোজত বুঢ়ায়ে একো নাজানি "ঔ টেঙা" বুলি ক'লে। তেতিয়াৰ পৰা ইয়াৰ নাম ঔ টেঙা হল। ইংৰাজীত ইয়াৰ নাম "Elephant Apple"। হাতীয়ে খাই ভাল পোৱাৰ বাবে ইয়াৰ নাম এনেদৰে ৰখা হৈছে। ঔ টেঙাৰ ফল আকাৰত ডাঙৰ, কঠিন আৰু আঁহযুক্ত হোৱাৰ বাবে কেৱল হাতীজাতীয় জন্তু সমূহে খাব পাৰে। বুক্সা ব্যাঘ্ৰ অঞ্চলত কৰা এক গৱেষণাত পোৱা গৈছে যে, ইয়াৰ ফল প্ৰথমে হাতীয়ে খাই কোমল কৰি অৰণ্যৰ মজিয়াত সিঁচৰিত কৰে। তাৰ পিছত সৰু আকাৰৰ তৃণভোজী যেনে হৰিণ, কেৰ্কেটুৱা, নিগনি আদিয়ে ইয়াৰ বীজ সঞ্চাৰণ কৰে। [3] বিৱৰণঔ টেঙা এবিধ চিৰসেউজীয়া গুল্মজাতীয় উদ্ভিদ। ইয়াৰ সৰ্বোচ্চ উচ্চতা ১৫ মিটাৰ। পাতবোৰ ১৫ৰ পৰা ৩৬ ছেঃমিঃ দীঘল আৰু সমান্তৰাল ভাঁজযুক্ত। ফুলবোৰৰ ব্যাস ১৫ ৰ পৰা ২০ ছেঃমিঃ পৰ্যন্ত। পাঁচটা বগা পাহিৰে আৰু অসংখ্য হালধীয়া পুং কেশৰ থাকে। ইয়াৰ ফলবোৰ গোলাকাৰ আৰু হালধীয়া সেউজ বৰণৰ। ফলবোৰৰ ব্যাস ৫-১২ ছেঃমিঃ। প্ৰতিটো স্ত্ৰীস্তৱক ১৫ ডাল স্ত্ৰীকেশৰৰ গোট এটা থাকে।[4][5] ব্যৱহাৰঔ টেঙাৰ বিজল আৰু কুঁহিপাতেৰে মানুহে মূৰ ধোৱে। বখলাবিলাক থেতালি শুকাই তাৰ গুড়ি উলিয়াই শুকানে বা গুৰৰ লগত খায়। কেঁচাই বা আঞ্জাও খায়। কিছুমান লোকে বখলা শুকাই পুৰি ছাই কৰি খাৰো বনায়। সাধাৰণতে ঔ টেঙাৰ পাঁচটা বখলা বা খলপ থাকে। ঔ টেঙা সাধাৰণতে ব’হাগ-জেঠ মাহত ফুল ধৰে আৰু লাগে। কোমল অৱস্থাত ভাজি খাবলৈ সোৱাদ। পূৰঠ হ’লে বা পকিলে ঔ টেঙাৰ মাছৰ আঞ্জা খোৱা হয়। বড়ো সকলে ঔ টেঙা বৰালি মাছৰ ফিছাৰ লগত ওণ্ডলা বা পিঠাগুড়ি দি ৰান্ধে। ঔ টেঙা বা ঔ খট্টা অসম, পশ্চিমবংগ, ওড়িশা, বাংলাদেশ আদিতো অতি জনপ্ৰিয়। ইয়াত প্ৰটিন, খাদ্যপ্ৰাণ 'গ' আৰু আঁহ (fiber)যথেষ্ট পৰিমাণে থাকে। ঔ টেঙাৰ ঔষধি গুণ আছে:
লোক সাহিত্যঅসমীয়া লোক সাহিত্যত ঔ টেঙাৰ উল্লেখ পোৱা যায়। বড়ো লোকগীতত পোৱা যায়-‘থায়গিৰি, খোঙা খংবা বড়োনি আচাৰাবো ফুংবা’(ঔ টেঙাৰ বখলা পাঁচটা-বড়োৰ মূল আচাৰো পাঁচ)। বিহুগীততো আছে "ঔৰে গছতে মৌৱে বাহ ল’লে"। গাঁৱত কৃষকে ঔ টেঙাৰ বখলাত কাতি বিহুত খেতি, পথাৰত বন্তি জ্বলায়। অসমীয়া লোক কথাসমূহত ঔ টেঙাৰ উল্লেখ পোৱা যায়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৰচিত "বুঢ়ী আইৰ সাধু"ত "ঔ কুঁৱৰী" নামৰ এটি বিখ্যাত সাধু আছে। অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰা "কথানদী" বোলছবিত ঔ কুঁৱৰী সাধুৰ দৃশ্য ৰূপ দেখা যায়। অসমীয়া ফকৰা যোজনা আৰু ডাকৰ বচনতো ঔ টেঙাৰ উল্লেখ পোৱা যায়। তথ্য উৎস
|