ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞানঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান (ইংৰাজী: Industrial and organizational psychology) হৈছে মনোবিজ্ঞানৰ ভিতৰত এক প্ৰয়োগ শৃঙ্খলা যি ঔদ্যোগিক, কৰ্ম আৰু সংস্থাগত ক্ষেত্ৰত মানুহৰ মনোভাৱ আৰু আচৰণ ব্যাখ্যা কৰে। ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞানীসকলে মনস্তাত্বিক তত্ত্ব আৰু নীতি প্ৰয়োগ কৰি এজন ব্যক্তিৰ কৰ্ম জীৱন আৰু ইয়াৰ পৰা হোৱা মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰে।[1] উদ্যোগ আৰু সংগঠনমূলক মনোবিজ্ঞানীসকলক (IO Psychologists) বৈজ্ঞানিক-অনুশীলনৰ মডেলত প্ৰশিক্ষণ দিয়া হয়। তেওঁলোকে কাৰ্যক্ষেত্ৰ আৰু মানসিক স্থিতি সম্পৰ্কীয় সকলো দিশ অধ্যয়ন কৰে। উদাহৰণস্বৰূপে কাৰ্যক্ষমতা, কৰ্ম সন্তুষ্টি, বৃত্তিগত সুৰক্ষা আৰু স্বাস্থ্যৰ উপৰিও কৰ্মচাৰীসকলৰ সামগ্ৰিক স্বাস্থ্য কল্যাণৰ সফলতা আদিত তেওঁলোকে অৰিহনা যোগায়। তদুপৰি, কৰ্মচাৰীৰ আচৰণ আৰু মনোভাৱ, দলবদ্ধভাৱে সম্পাদিত কৰ্ম (teamwork), কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া, প্ৰশিক্ষণ কাৰ্য্যসূচী, মতামত আৰু ব্যৱস্থাপনা প্ৰণালী যোগেৰে কেনেদৰে কৰ্মক্ষেত্ৰ উন্নত কৰিব লাগে তাৰ ওপৰত তেওঁলোকে অধ্যয়ন আৰু গৱেষণা কৰে। ২০১৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যুৰ' অফ লেবাৰ পৰিসংখ্যাৰ অকুপেশ্বনেল আউটলুক হেণ্ডবুক (Occupational Outlook Handbook) অনুসৰি উদ্যোগ আৰু সংগঠনমূলক মনোবিজ্ঞানক পৰৱৰ্তী দশকত আটাইতকৈ দ্ৰুতগতিত বিকশিত হোৱা জীৱিকা।[2] অনুমান কৰা হৈছে যে এই জীৱিকা ৫৩% বৃদ্ধি পাব আৰু গড় বছৰি দৰ্মহা হʼব ১,০৯,০৩০ আমেৰিকান ডলাৰ। ২০১৮ চনৰ পৰা এই চাকৰিৰ শীৰ্ষ পদত থকাসকলৰ (শীৰ্ষ ১০ শতাংশ পদবীধাৰি) বছৰি উপাৰ্জন হʼব ১,৯২,১৫০ আমেৰিকান ডলাৰ।[3] ইতিহাসঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞানৰ ঐতিহাসিক বিকাশ আমেৰিকা যুক্তৰাষ্ট্ৰ,[4] অষ্ট্ৰেলিয়া, জাৰ্মানী, নেডাৰলেণ্ডছ[5] আৰু ৰোমানিয়াৰ[6] দৰে পূৱ ইউৰোপীয় দেশসমূহত সমান্তৰালভাৱে ঘটিছিল। যেতিয়া ৱিলহেম ৱোণ্ডে (Wilhelm Wundt) জাৰ্মানীৰ লেপজিগত ১৮৭৯ চনত প্ৰথম মনস্তাত্বিক পৰীক্ষামূলক মনোবিজ্ঞানৰ আৰম্ভণি কৰিছিল, সেই সময়ত (১৮৮০ৰ মাজভাগত) ৱোণ্ডে দুজন মনোবিজ্ঞানী, হুগ' মুনষ্টাৰবাৰ্গ (Hugo Münsterberg) আৰু জেমছ মেককিন কেট্টলক (James McKeen Cattell) প্ৰশিক্ষণ দিছিল, যিসকলে ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞানৰ উদ্ভাৱনাত গুৰুতৰ প্ৰভাৱ পেলাইছিল।[7] মানুহৰ কৰ্মক্ষমতাৰ পাৰ্থক্যবোৰ মানৱ "ত্ৰুটি" হিচাপে চোৱাৰ সলনি, জেমছ কেট্টলে ই এক ব্যক্তি-বিশেষ পাৰ্থক্য হিচাপে ব্যাখ্যা কৰে। ৱাল্টাৰ ডিল স্কট (Walter Dill Scott), যি কেট্টলৰ সমকালীন আছিল, যি সেই সময়ৰ (১৯১৯) আটাইতকৈ বিশিষ্ট ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞানী আছিল, তেওঁ, আৰু ৱালটাৰ ভেন ডাইক বিংহেম (Walter Van Dyke Bingham) যি কাৰ্নেগী ইনষ্টিটিউট অফ টেকন'লজীত (Carnegie Institute of Technology)-ত কাম কৰিছিল, দুয়োজনে একত্ৰিতভাৱে বিপনন আৰু বিক্ৰী কৰ্মী সকলৰ বাছনি আৰু প্ৰশিক্ষণৰ বাবে পদ্ধতি বিকশিত কৰিছিল।[8] তথ্য সংগ্ৰহ
|