এডৱাৰ্ড স্ন'ডেন
তেওঁ আন্তৰাসষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰখ্যাত হৈ পৰে যেতিয়া তেওঁ সহস্ৰাধিক গোপনীয় তথ্য কেইটামান সংবাদগোষ্ঠীলৈ সৰবাৰহ কৰিছিল, যিবোৰ তেওঁ Booz Allen Hamilton নামৰ আমেৰিকান ফাৰ্ম খনৰ হৈ কাম কৰি থাকোঁতে সংগ্ৰহ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত ইয়াকে অতি গুৰুত্বপূৰ্ণ 'গোপন তথ্যৰ সৰবাৰহ' বুলি জনা যায়। মে ২০১৩ ত স্ন'ডেনে হাৱাইৰ পৰা হংকংলৈ গৈ সাংবাদিক গ্লেন গ্ৰীনৱাল্ড(Glenn Greenwald) আৰু লউৰা পইট্ৰাচ(Laura Poitras) লৈ ভালেসংখ্যক গুৰুত্বপূৰ্ণ গোপন নথি-পত্ৰ সদৰি কৰে। ৯ জুনত, তেওঁৰ অনুমতি সাপেক্ষে সাংবাদিকদ্বয়ে তেওঁৰ পৰিচয় আন্তৰাষ্ট্ৰীয় সংবাদ জগতৰ আগত দাঙি ধৰে। ১৪ জুনত আমেৰিকাৰ ন্যায় বিভাগে (United States Department of Justice) তেওঁৰ ওপৰত অবৈধভাৱে কৰা চোৰাংচোৱাগিৰিৰ অপৰাধ আৰোপিত কৰে আৰু ২২ জুনত তেওঁৰ পাৰপত্ৰ বাতিল কৰে। ২৩ জুনত আমেৰিকান পাৰপত্ৰ ব্যৱহাৰ কৰিয়েই স্ন'ডেনে মস্কোৰ শ্বেৰেমেত্যাভো আন্তৰাষ্ট্ৰীয় বিমান বন্দৰলৈ(Sheremetyevo International Airport) পলাই যায়। ৰুছিয়ান সূত্ৰৰ মতে স্ন'ডেনক কিউবা হৈ লেটিন আমেৰিকালৈ যোৱাৰ টকট কৰি দিয়া হৈছিল, কিন্তু তেওঁ কিয় সেই বিমানখনত নগ'ল, সেইটো অস্পষ্ট। ৱিকিলিকচ্ৰ জুলিয়াচ অছেঞ্জে(যিয়ে স্ন'ডেনৰ হ্ংকংত থকা আৰু মস্কোলৈ বিমানৰ খৰচ বহন কৰিছিল)পিছত সদৰি কৰিছিল যে তেওঁ স্ন'ডেনক ৰুছিয়াত শাৰীৰিকভাৱে আটাইতকৈ বেছি সুৰক্ষিত থাকিব বুলি উপদেশ দিছিল। স্ন'ডেনে ১ আগষ্টত ৰুছিয়ান চৰকাৰে এবছৰৰ নৱীকৰনযোগ্য ৰাজনৈতিক আশ্ৰয় মঞ্জুৰ নকৰালৈ বিমান বন্দৰৰ ট্ৰানজিট জ'নটে ৰৈ আছিল।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ |