আৱেগআৱেগ (ইংৰাজী: Emotion) হৈছে বিভিন্ন ধৰণৰ চিন্তা, অনুভূতি, আচৰণৰ সঁহাৰি, আৰু কিছু পৰিমাণে আনন্দ বা অসন্তুষ্টিৰ সৈতে জড়িত, স্নায়ুশাৰীৰিক পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা এক প্ৰকাৰৰ মানসিক অৱস্থা বা স্থিতি।[1][2][3][4] বৰ্তমান ইয়াৰ কোনো বৈজ্ঞানিক ঐকমত্য সংজ্ঞা নাই।[5] আৱেগ প্ৰায়ে মনোভাৱ, স্বভাৱ, ব্যক্তিত্ব, প্ৰকৃতি বা সৃষ্টিশীলতাৰ সৈতে জড়িত হৈ থাকে।[6] মনোবিজ্ঞান, চিকিৎসা বিজ্ঞান, ইতিহাস, আৱেগিক সমাজবিজ্ঞান, কম্পিউটাৰ বিজ্ঞান আদি বহুতো ক্ষেত্ৰৰ বৰঙণিৰ সৈতে বিগত দুটা দশকত আৱেগৰ ওপৰত গৱেষণা যথেষ্ট বৃদ্ধি পাইছে। আৱেগৰ উৎপত্তি, কাৰ্য আৰু অন্যান্য দিশসমূহ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা অসংখ্য তত্ত্বই এই বিষয়টোৰ ওপৰত আৰু অধিক গৱেষণাৰ পোষকতা কৰিছে। আৱেগৰ ধাৰণা সম্পৰ্কে বৰ্তমানৰ গৱেষণাৰ ক্ষেত্ৰসমূহৰ ভিতৰত আছে আৱেগক উদ্দীপিত আৰু উদগনি দিয়া সামগ্ৰীৰ বিকাশ সাধন কৰা। ইয়াৰ উপৰিও PET স্কেন আৰু fMRI স্কেনে মগজুত সৃষ্টি হোৱা প্ৰতিক্ৰিয়ামূলক ছবিসমূহ অধ্যয়ন কৰাত সহায় কৰে।[7] যান্ত্ৰিক দৃষ্টিকোণৰ পৰা আৱেগক "শাৰীৰিক কাৰ্যকলাপৰ এটা বিশেষ আৰ্হিৰ সৈতে জড়িত এক ইতিবাচক বা নেতিবাচক অভিজ্ঞতা" বুলি সংজ্ঞায়িত কৰিব পাৰি। আৱেগে বিভিন্ন শাৰীৰিক, আচৰণগত আৰু জ্ঞানমূলক পৰিৱৰ্তনৰ সৃষ্টি কৰে। আৱেগৰ মূল ভূমিকা আছিল এনে অভিযোজিত আচৰণক প্ৰেৰণা দিয়া যিয়ে অতীতত জীয়াই থকা, প্ৰজনন আৰু আত্মীয় নিৰ্বাচনৰ জৰিয়তে জিনসমূহত প্ৰেৰণ কৰাত অৰিহণা যোগাইছিল।[8][9] কিছুমান তত্ত্বমতে জ্ঞান হৈছে আৱেগৰ এটা গুৰুত্বপূৰ্ণ দিশ। আন কিছুমান তত্ত্বই অৱশ্যে দাবী কৰে যে আৱেগ জ্ঞানৰ পৰা পৃথক আৰু ইয়াৰ পৰাই জ্ঞান ওপজে। সচেতনভাৱে এটা আৱেগ অনুভৱ কৰাটো হ’ল আনন্দ অথবা অসন্তুষ্টিৰ সৈতে পুনৰ সংযুক্ত হৈ থকা কোনো অতীত বা কাল্পনিক অভিজ্ঞতাৰ পৰা সেই আৱেগৰ মানসিক উপস্থাপন প্ৰদৰ্শন কৰা।[10] বিষয়বস্তুৰ অৱস্থাসমূহ অভিজ্ঞতাৰ মৌখিক ব্যাখ্যাৰ দ্বাৰা, এটা অভ্যন্তৰীণ অৱস্থাৰ বৰ্ণনাৰ যোগেদি প্ৰতিষ্ঠা কৰা হয়।[11] আৱেগবোৰ বৰ জটিল। আৱেগে আমাৰ আচৰণত পৰিৱৰ্তন ঘটায় নে নঘটাই সেই সম্পৰ্কে বিভিন্ন তত্ত্ব পোৱা যায়।[12] ব্যুৎপত্তিগত অৰ্থইংৰাজী "Emotion" শব্দটো লেটিন শব্দ emovare ৰ পৰা উদ্ভৱ হৈছিল, যাৰ অৰ্থ হৈছে উঠকণ্ঠা, উত্তেজনাবোধ।[13] "Emotion" শব্দটো ১৮০০ চনৰ আৰম্ভণিতে থমাছ ব্ৰাউনে প্ৰথম ব্যৱহাৰ কৰিছিল আৰু ১৮৩০ চনৰ আশে-পাশে ইংৰাজী ভাষাত আৱেগৰ আধুনিক ধাৰণাৰ প্ৰথম উত্থান ঘটিছিল।[14] কিছু ক্ৰছ-কলচাৰেল অধ্যয়নে ইংগিত দিয়ে যে "আৱেগ"ৰ শ্ৰেণীবিভাজন আৰু "ক্ৰোধ" আৰু "দুখ"ৰ দৰে মৌলিক আৱেগৰ শ্ৰেণীবিভাজন সৰ্বজনীন নহয় আৰু এই ধাৰণাসমূহৰ সীমা আৰু ক্ষেত্ৰসমূহ সকলো সংস্কৃতিয়ে বেলেগ বেলেগ ধৰণে শ্ৰেণীভুক্ত কৰে।[15] অৱশ্যে আন কিছুৱে যুক্তি আগবঢ়ায় যে আৱেগৰ কিছু সৰ্বজনীন ভিত্তি আছে।[16] মনোৰোগ আৰু মনোবিজ্ঞানত আৱেগ প্ৰকাশ বা অনুভৱ কৰিব নোৱাৰাক কেতিয়াবা এলেক্সিথাইমিয়া বুলিও কোৱা হয়।[17] ইতিহাসমানুহৰ স্বভাৱ আৰু ইয়াৰ লগত জড়িত শৰীৰৰ অনুভূতিবোৰ সদায়েই চিন্তাবিদ আৰু দাৰ্শনিকসকলৰ আগ্ৰহৰ বিষয় হৈ আহিছে। গভীৰভাৱে ক’বলৈ গ’লে ই প্ৰাচ্য আৰু পাশ্চ্যাত্য উভয় সমাজৰ বাবেও অতি আগ্ৰহৰ বিষয়। আৱেগিক অৱস্থাবোৰ ঐশ্বৰিক আৰু মানুহৰ মন আৰু শৰীৰৰ জ্ঞান-প্ৰকাশৰ লগত জড়িত।[18] আলোকজ্জ্বল যুগত স্কটিছ চিন্তাবিদ ডেভিদ হিউমে[19] এনে এক বৈপ্লৱিক যুক্তি আগবঢ়াইছিল যিয়ে মানুহৰ কাৰ্য্য আৰু আচৰণৰ মূল প্ৰেৰণাসমূহক ব্যাখ্যা কৰিব বিচাৰিছিল। তেওঁ ব্যাখ্যা আগবঢ়াই কৈছিল যে কাৰ্য্যসমূহ "ভয়, ইচ্ছা আৰু আৱেগ"ৰ দ্বাৰা প্ৰেৰিত হয়। তেওঁৰ এ ট্ৰিটিজ অৱ হিউমেন নেচাৰ (১৭৭৩) নামৰ গ্ৰন্থখনত লিখা মতে: "কেৱল যুক্তিয়েই কেতিয়াও ইচ্ছাৰ কোনো কাৰ্য্যৰ প্ৰেৰণা হ'ব নোৱাৰে... ই কেতিয়াও ইচ্ছাৰে আৱেগৰ বিৰোধিতা কৰিব নোৱাৰে... কাৰণটো হৈছে, আৰু হ'ব লাগে, আৱেগৰ দাস, আৰু সিহঁতৰ সেৱা আৰু আজ্ঞা পালন কৰাতকৈ কেতিয়াও আন কোনো কাৰ্যৰ অভিনয় কৰিব নোৱাৰে।" [20] এই শাৰীকেইটাৰ যোগেদি হিউমে বুজাবলৈ চেষ্টা কৰিছিল যে যুক্তি আৰু অধিক কাৰ্য্য আত্মাৰ ইচ্ছা আৰু স্ব-অভিজ্ঞতাৰ অধীন। পৰৱৰ্তী চিন্তাবিদসকলে কৈছে যে ক্ৰিয়া আৰু আৱেগ বাস্তৱৰ সামাজিক, ৰাজনৈতিক, ঐতিহাসিক আৰু সাংস্কৃতিক দিশৰ সৈতে গভীৰভাৱে জড়িত; যিবোৰ মগজু আৰু শৰীৰৰ অন্যান্য অংশৰ ওপৰত অত্যাধুনিক স্নায়ু আৰু শাৰীৰিক গৱেষণাৰ সৈতেও জড়িত হ’ব। আৱেগৰ নীতিনিকো ফ্ৰিজডা আৱেগ আৰু আৱেগিক বিজ্ঞানৰ ক্ষেত্ৰত কাম কৰাৰ বাবে পৰিচিত এজন বিশিষ্ট মনোবিজ্ঞানী। ফ্ৰিজডাৰ অন্যতম মূল অৱদান হৈছে "আৱেগৰ নীতি", আৱেগে কেনেকৈ কাম কৰে আৰু ইয়াক কেনেকৈ অনুভৱ কৰিব পাৰি সেই বিষয়ে ব্যাখ্যা কৰাত সহায় কৰা নীতিৰ ৰূপৰেখা তেওঁ দাঙি ধৰিছে। ফ্ৰিজডাৰ আৱেগৰ নিতীসমূহ হ’ল[21] - ১) পৰিস্থিতিগত অৰ্থৰ নীতি: এই নিয়মে ধাৰণা কৰে যে ব্যক্তিৰ বাবে ব্যক্তিগত তাৎপৰ্য্য আৰু অৰ্থ থকা পৰিঘটনা বা পৰিস্থিতিৰ দ্বাৰা আৱেগ উদয় হয়। আৱেগবোৰ যাদৃচ্ছিক নহয় বৰঞ্চ পৰিস্থিতিৰ অনুভূত অৰ্থৰ প্ৰতি সঁহাৰি। ২) চিন্তাৰ নীতি: ফ্ৰিজডাই কৈছে যে আৱেগ মৌলিকভাৱে ব্যক্তিৰ মংগল আৰু অভিযোজনৰ সৈতে জড়িত। আৱেগে এনে পৰিস্থিতিৰ প্ৰতি সংকেত বা প্ৰতিক্ৰিয়া হিচাপে কাম কৰে যিয়ে মানুহৰ লক্ষ্য, প্ৰয়োজন বা মূল্যবোধক প্ৰভাৱিত কৰে। ৩) মূল্যায়নৰ নীতি: এই নীতিয়ে আৱেগিক অভিজ্ঞতাত জ্ঞানমূলক মূল্যায়ন প্ৰক্ৰিয়াৰ ভূমিকাক স্বীকাৰ কৰে। ব্যক্তিয়ে পৰিস্থিতিৰ প্ৰাসংগিকতা, লক্ষ্যৰ সৈতে সামঞ্জস্য আৰু মোকাবিলা কৰাৰ সম্ভাৱনা আদি কাৰকৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰে, যিয়ে পাছলৈ নিৰ্দিষ্ট আৱেগিক সঁহাৰিক গঢ় দিয়ে। ৪) প্ৰস্তুতিৰ নীতি: ফ্ৰিজডাৰ তত্ত্বৰ মতে আৱেগে ব্যক্তিক কাৰ্য্যৰ বাবে প্ৰস্তুত কৰে। আৱেগ শাৰীৰিক পৰিৱৰ্তন আৰু ক্ৰিয়াৰ প্ৰৱণতাৰ সৈতে জড়িত যিয়ে ব্যক্তিক পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাবলৈ সাজু কৰে। উদাহৰণস্বৰূপে, ভয়ে কাৰোবাক ভাবুকিৰ পৰা হাত সাৰিবলৈ প্ৰস্তুত কৰিব পাৰে। ৫) চিন্তিত প্ৰত্যাশাৰ নীতি: আৱেগ এতিয়া যি ঘটি আছে আৰু ভৱিষ্যতে কি হ’ব বুলি আশা কৰা হৈছে, এই দুয়োটাৰে দ্বাৰা প্ৰভাৱিত হয়। আৱেগে কোনো পৰিস্থিতিৰ পৰিণতিৰ বিষয়ে ব্যক্তিৰ আশাক প্ৰতিফলিত কৰিব পাৰে। তথ্যসূত্ৰ
|