আকুপাংচাৰ
আকুপাংচাৰ হ’ল ধাতুৰ মিহি বেজীৰে মানুহৰ শৰীৰৰ বিশেষ কিছুমান ঠাইত বিন্ধি কৰা এবিধ চিকিৎসা। ই মূলতে: লেটিন ভাষাৰ শব্দ; ‘আকু’ মানে বেজী আৰু পাংচাৰ মানে হ’ল ফুটুৱা। ইতিহাসআকুপাংচাৰ চিকিৎসা পদ্ধতিৰ উদ্ভাৱন হৈছিল চীনত। খ্ৰীষ্টজন্মৰ ২৮০০ বছৰ আগতে ৰচিত ‘ইয়েলো ইম্পেৰছ ক্লাছিক অৱ্ ইন্টাৰনেল মেডিচিন’ নামৰ গ্ৰন্থখনিত আকুপাংচাৰ চিকিৎসা পদ্ধতিৰ বিশদ বিৱৰণ পোৱা যায়। এইখন গ্ৰন্থক চিকিৎসা বিজ্ঞানৰ প্ৰাচীনতম গ্ৰন্থ বুলিও আখ্যা দিয়া হয়। চীনা সম্ৰাট ফু চিয়েও আকুপাংচাৰ সম্পৰ্কীয় এখন গ্ৰন্থ লিখিছিল। গ্ৰন্থখনৰ নাম আছিল ‘আই চিং’। বিভিন্ন গৱেষণাৰ পৰা জনা গৈছে যে প্ৰস্তৰ যুগতো আকুপাংচাৰৰ দৰে এবিধ চিকিৎসা পদ্ধতিৰ প্ৰচলন আছিল। তাত অৱশ্যে বৰ্তমানৰ দৰে ধাতুৰ মিহি বেজী ব্যৱহাৰ কৰাৰ সলনি হাঢ় আৰু পাথৰৰ বেজী ব্যৱহাৰ কৰা হৈছিল। আকুপাংচাৰৰ প্ৰসংগত পিয়েন চুয়ে নামৰ এজন বিখ্যাত চীনা চিকিৎসকৰ উল্লেখ পোৱা যায়। খ্ৰীষ্টপূৰ্ব একাদশ শতিকাত এই চিকিৎসকজনে চীন দেশৰ কুও ৰাজ্যৰ ৰাজকুমাৰৰ আকুপাংচাৰ পদ্ধতিৰে চিকিৎসা কৰি তেওঁক সুস্থ কৰি তুলিছিল। চীন দেশৰ থাং ৰাজবংশৰ আমোলত (৬১৮-৯০৭ খ্ৰীষ্টাব্দ) আকুপাংচাৰ শিক্ষাৰ বাবে কলেজো প্ৰতিষ্ঠা কৰা হৈছিল। কোনো কোনোৰ মতে আকুপাংচাৰ চিকিৎসা পদ্ধতিৰ উদ্ভৱ ভাৰতবৰ্ষত। আজিৰ পৰা ২০০০ বছৰ আগেয়েই ভাৰতত আকুপাংচাৰ সম্পৰ্কীয় এখন সংস্কৃত গ্ৰন্থও লিখা হৈছিল। সম্প্ৰতি এইখন গ্ৰন্থ শ্ৰীলংকাৰ কলম্বোৰ নেচনেল মিউজিয়ামত সংৰক্ষিত হৈ আছে। কিন্তু ভাৰতত প্ৰকৃততে আকুপাংচাৰ চিকিৎসা পদ্ধতিৰ উদ্ভৱ হৈছিল নে নাই তাৰ কোনো প্ৰামাণিক তথ্য এতিয়ালৈকে পোৱা হোৱা নাই।[1] তথ্যসূত্ৰ
লগতে পঢ়ক
বাহ্যিক সংযোগ
|