অসমীয়াৰ স্বাভিমানৰ ৰূপৰেখা
অসমীয়াৰ স্বাভিমানৰ ৰূপৰেখা(ইংৰাজী: Asomiyaa Swavimaanor Ruprekhaa) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন প্ৰবন্ধ সংকলন। ২০১৭ চনৰ ডিচেম্বৰ মাহত বনলতা প্ৰকাশনৰ পৰা অসমীয়া স্বাভিমানৰ ৰূপৰেখা গ্ৰন্থখন প্ৰথম প্ৰকাশ হয়। গ্ৰন্থখনৰ মূল্য ২৩০ টকা। লেখকে গ্ৰন্থখন বিশেষভাৱে আগবঢ়াই এনেদৰে লিখিছে, "বুকুত অসীম সাহস আৰু মনত বহু আশা লৈ নিষ্ঠা-সততাৰে যিসকল অখ্যাত লোকে নীৰৱে জাতিটোৰ স্বাভিমান বৃদ্ধিৰ কামত নিমগ্ন হৈ আছে, তেওঁলোকৰ হাতত তুলি দিলোঁ মোৰ এই গ্ৰন্থ..."। [1] বিৱৰণকিতাপখন লিখিবলৈ লোৱাৰ উদ্দেশ্য উল্লেখ কৰি লেখকে প্ৰাক্কথনত লিখিছে,"এজন সাধাৰণ অসমীয়া হিচাপে নিজে নিজকে প্ৰশ্ন কৰিছোঁ। প্ৰশ্নটো পোনপটীয়া। ভয় খাই বা বিৰক্ত হৈ ময়ো সেই মধ্যবিত্ত অসমীয়াৰ মিছিলত এদিন হেৰাই যাম নেকি? মই জানো সেই মিছিলটোৱে অনাগত ভৱিষ্যতে অসমীয়াৰ স্বাভিমানক লৈ এটা বিৰূপ মন্তব্যই কৰিব। যিধৰণৰ মন্তব্য অতীতৰ কেতবোৰ আন্দোলনৰ বিষয়ে বৰ্তমান সময়ত বহু অসমীয়া মানুহৰ মুখত শুনা যায়। মূলতঃ 'অসমীয়া স্বাভিমান' শব্দযুগলক শ্লোগান হোৱাৰ পৰা ৰক্ষা কৰি ইয়াৰ মাজত নিহিত হৈ থকা মৰ্মবস্তুটো উলিয়াই অনাহে মোৰ লক্ষ্য। মই জানো মোৰ বৌদ্ধিক সীমাবদ্ধতাৰ কথা, লগতে জানো অগভীৰ জ্ঞান-অভিজ্ঞতাৰ কথাবোৰো। তথাপিও কোনোবাই কেতিয়াবা এইটো কাম কৰিব লাগিব বুলি ভাবিয়েই আগবাঢ়িছোঁ।" কিতাপখন দুটা অংশত বিভক্ত। [1] প্ৰথম অংশত থকা অধ্যায়সমূহ কোনো কাকত আলোচনীত প্ৰকাশিত নহয়। লেখকৰ ভাষাত, "'অসমীয়া স্বাভিমানৰ ৰূপৰেখা' বুলি ক'লে মোৰ মন'মননলৈ যি ছবি ভাহি আহে, তাকে কিছু প্ৰণালীবদ্ধকৈ পোন্ধৰটা অধ্যায়ত ভাগ কৰি লৈছোঁ।" [1] প্ৰথম অংশৰ অধ্যায়সমূহ হ'ল-
দ্বিতীয় অংশত বিভিন্ন কাকত আলোচনীত প্ৰকাশিত ত্ৰিশটা প্ৰবন্ধ আছে। [1]সেই প্ৰবন্ধসমূহ হ'ল-
লেখকৰ পৰিচয়প্ৰধান প্ৰবন্ধ: ময়ূৰ বৰা
ময়ূৰ বৰা হৈছে এজন অসমীয়া লেখক আৰু সমালোচক৷ একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰা। [2]তেখেতে ২০১৮ চনলৈকে ১৪ খন গ্ৰন্থ ৰচনা কৰে।[3] ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা।তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা[4] আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।[2]বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬ খন গ্ৰন্থৰ লেখক।[5] তথ্যৰ উৎস
লগতে চাওক |