অসমত হোৱা ভূমিকম্প (১৯৪৭)
১৯৪৭ চনৰ ২৯ জুলাই তাৰিখে হোৱা ভূমিকম্পটোৱে ভাৰতৰ অসমৰ লগতে চীন দেশতো ক্ষতি সাধন কৰে। ভাৰতীয় সময়মতে সন্ধিয়া ৭ বাজি ১৩ মিনিটত সৃষ্টি হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৭.৩ ৰিখটাৰ স্কেল।[1] ভাৰতৰ সীমান্তৱৰ্তী এলেকা (সেই সময়ত ব্ৰিটিছ ইণ্ডিয়াৰ অধীনত আছিল) আৰু চীনত ইয়াক অনুভৱ কৰা হৈছিল। কিছুমান সূত্ৰই ভূমিকম্পৰ অভিকেন্দ্ৰটো ভাৰতত আৰু কিছুমানে চীনত বুলি কৈছে।[2][3] চীনৰ মতে, তিব্বতৰ নাং কাণ্টিতহে এই ভূমিকম্পৰ অনুভৱ কৰা হৈছিল।[4] ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰ অঞ্চলৰ কিছুমান দেৱালত ফাঁট মেলা দেখা গৈছিল। গুৱাহাটীত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰাৰ কথাও শুনা যায়।[3]
তথ্য সংগ্ৰহ
|