অমৃত মন্থনঅমৃত মন্থন শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি উপখ্যান৷ উপাখ্যানত দুৰ্বাসাৰ অভিশাপত শ্ৰীহীন ইন্দ্ৰকে আদি কৰি দেৱতাসকল দৈত্যৰাজ বলিৰ দ্বাৰা পৰাজিত হোৱা আৰু দৈত্যগণে অমৰত্ব পাবলৈ বিষ্ণুৰ পৰামৰ্শমতে ক্ষীৰ সমুদ্ৰ মন্থন কৰা, মন্দৰ পৰ্বত উভাৰি অনা আদিৰ সৰস বৰ্ণনাৰে সমৃদ্ধ। শিৱই দিব্যকন্যা লক্ষ্মীক দেখি কামনাত জৰ্জৰিত হৈ কাণ্ডজ্ঞান হেৰুৱা এক অৱস্থাৰ চিত্ৰণে উপাখ্যানটিত শৃংগাৰ ৰসৰ পতন ঘটাই হাস্যৰসৰো আমোদ দিছে৷[1] তথ্য সূত্ৰ
|