অভিষেকঅভিষেক ( সংস্কৃত: अभिषेक) বা অভিষেকম হৈছে ধৰ্মীয় ৰীতি বা প্ৰাৰ্থনাৰ পদ্ধতি য'ত ভক্তই কোনো দেৱতাৰ প্ৰতিমূৰ্তি বা মূৰ্তিৰ ওপৰত তৰল প্ৰসাদ ঢালি দিয়ে। হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ দৰে ধৰ্মৰ ক্ষেত্ৰত ই এক সাধাৰণ কৰ্ম৷ হিন্দু ধৰ্মমন্ত্ৰ জপৰ মাজত পুৰোহিতসকলে পূজা কৰা দেৱতাৰ প্ৰতিমূৰ্তি গা ধুৱাই অভিষেক কৰে ৷ সাধাৰণতে, কৰা অভিষেকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি অন্যান্য প্ৰসাদৰ লগতে গাখীৰ, দৈ, ঘিউ, মৌ, পঞ্চমৃত, তিল তেল, গোলাপ পানী, চন্দনৰ পেষ্ট আদি প্ৰসাদ ঢালি দিব পাৰি। পঞ্চগৱ্যও স্ভিষেকৰ বাবে ন্যৱহৃত হয়। এই ৰীতি হিন্দু মন্দিৰত নিয়মিতভাৱে পালন কৰা হয়। শিৱ লিংগৰ ওপৰত ৰুদ্ৰাভিষেক বা ৰুদ্ৰৰ অভিষেক কৰা হয়। কুম্ভাভিষেকম হৈছে হিন্দু মন্দিৰৰ বাবে এক অভিষেক অনুষ্ঠাণ [1] বৌদ্ধ ধৰ্মবজ্ৰযান বৌদ্ধ ধৰ্মবজ্ৰযান বৌদ্ধ ধৰ্ম বা মন্ত্ৰায়ণ বৌদ্ধ ধৰ্মত তান্ত্ৰিক সবলীকৰণ, বা অভিষেকৰ চাৰিটা পৰ্যায় লাভ কৰি বজ্ৰযান বৌদ্ধ ধৰ্মৰ পথত প্ৰৱেশ কৰে: দানি অভিষেক, গোপন অভিষেক, প্ৰজ্ঞাজ্ঞান অভিষেক, আৰু ধ্বনি অভিষেক।[2][3] বজ্ৰযান বৌদ্ধ ধৰ্মত অভিষেক হ'ব পাৰে আঙুলিয়াই দিয়া নিৰ্দেশনা সম্পন্ন কৰাৰ এটা পদ্ধতি, অংশগ্ৰহণকাৰীসকলক এটা বংশৰ আশীৰ্বাদ আগবঢ়োৱাৰ এটা উপায়, বা ই এটা বিশেষ ধ্যান অনুশীলন আৰম্ভ কৰাৰ এক সবলীকৰণো হ'ব পাৰে। [4] অভিষেকক প্ৰথমে অভিষেকৰ ৰীতি হিচাপে ব্যৱহাৰ কৰা হৈছিল। চাৰিখন সাগৰৰ পানী সোণৰ জাৰৰ পৰা ৰজাৰ মূৰত ঢালি দিয়া হৈছিল। এজন ৰজাৰ ৰাজপাটত বহা অনুষ্ঠানৰ সময়ত আৰু লগতে তেওঁৰ ক্ষমতা গ্ৰাহণ অনুষ্ঠানৰ সময়তো ইয়াক ব্যৱহাৰ কৰা হৈছিল।[5] তান্ত্ৰিক বৌদ্ধ ধৰ্মঅভিষেক ৰীতি (ৱাংকুৰ) ৰহস্যবাদী শিক্ষাৰ দীক্ষাৰ প্ৰস্তাৱনা। অভিষেকৰ চাৰিটা শ্ৰেণী আছে, প্ৰত্যেকটোৱেই চাৰিটা তন্ত্ৰৰ ভিতৰত এটাৰ সৈতে জড়িত ৷ সেইবোৰ হৈছে মাষ্টাৰ অভিষেক, গোপন অভিষেক, প্ৰজ্ঞাৰ জ্ঞান আৰু চতুৰ্থ অভিষেক ৷[5] শ্বিংগন বৈদ্ধ ধৰ্মশ্বিংগন বৌদ্ধ ধৰ্মৰ অভিষেক ৰীতি হৈছে গুপ্ত বৌদ্ধ ধৰ্মৰ এজন ছাত্ৰই এতিয়া উচ্চ পৰ্যায়ৰ অনুশীলনলৈ স্নাতক হোৱাটো নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰা দীক্ষা আচাৰ। টাং বংশৰ সময়ত চীনত এই অনুষ্ঠান জনপ্ৰিয় আছিল।[6] শ্বিংগনৰ প্ৰতিষ্ঠাপক কুকাইয়ে সেই সময়ৰ জাপানী বৌদ্ধ প্ৰতিষ্ঠানত এই আচাৰ প্ৰৱৰ্তন কৰাৰ আiগতে তাত বহুলভাৱে অধ্যয়ন কৰিছিল।[7] সাধাৰণ জনতাৰ বাবে এটা পৃথক দীক্ষাৰ আচাৰ আছে যাক কেচিয়েন কেণঞ্জ' বুলি কোৱা হয়, আৰু ই তেওঁলোকৰ গুপ্ত বৌদ্ধ ধৰ্মত দীক্ষাৰ প্ৰতীক। এই অনুষ্ঠান সাধাৰণতে জাপানৰ ৱাকায়ামা প্ৰিফেকচাৰৰ মাউণ্ট ক'য়াতহে কৰা হয়, কিন্তু জাপানৰ বাহিৰত যোগ্যতাসম্পন্ন মাষ্টৰৰ অধীনত আৰু সঠিক তত্বাৱধানত ইয়াক প্ৰদান কৰিব পাৰি, যদিও অতি কমেইহে হয়। শ্বিংগন আচাৰ-অনুষ্ঠানত অনুষ্ঠানটোৰ ওপৰত নিৰ্ভৰ কৰি দুখন ৰাজ্যৰ দুটা মণ্ডলৰ এটা ব্যৱহাৰ কৰা হয়। গুপ্ত আচাৰ-ব্যৱহাৰত ছাত্ৰই সময় উপদেশ লাভ কৰাৰ পিছত গুপ্ত বৌদ্ধ ধৰ্মৰ গুৰুৱে গুৰুৰ ভূমিকা গ্ৰহণ কৰে, সাধাৰণতে মহাবৈৰোচন বুদ্ধ, আনহাতে মাষ্টৰ আৰু ছাত্ৰই গুপ্ত বৌদ্ধ সূত্ৰৰ পৰা লোৱা সংলাপৰ ৰূপত নিৰ্দিষ্ট মন্ত্ৰৰ পুনৰাবৃত্তি কৰে। তাৰ পিছত চকুত পটি বান্ধি থোৱা ছাত্ৰজনে নিৰ্মাণ কৰা মণ্ডলটোৰ ওপৰত ফুল এটা দলিয়াই দিয়ে আৰু ই ক’ত অৱতৰণ কৰে (অৰ্থাৎ কোনজন দেৱতাই পায়) ছাত্ৰজনে নিজৰ ভক্তি ক’ত গুপ্ত পথত কেন্দ্ৰীভূত কৰিব লাগে সেইটো নিৰ্ধাৰণ কৰাত সহায় কৰে।[8] তাৰপৰা ছাত্ৰজনৰ চকুৰ পট্টা আঁতৰাই হাতত বজ্ৰ লগাই দিয়া হয়। তথ্য সংগ্ৰহ
উৎস
|