মাইকেলচন-ম'ৰ্লি পৰীক্ষা (ইংৰাজী: Michelson-Morley experiment) আছিল মহাকাশত ইথাৰৰ[A 1] উপস্থিতি ধৰা পেলাবলৈ কৰা এক পৰীক্ষা। এই পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হয় যে মহাবিশ্বত ইথাৰৰ কোনো অস্তিত্ব নাই। ১৮৮৭ চনত এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত আমেৰিকান পদাৰ্থ বিজ্ঞানী এলবাৰ্ট এ মাইকেলচন আৰু এডৱাৰ্ড ডব্লিউ ম'ৰ্লিয়ে যুটীয়াকৈ বৰ্তমানৰ কে'ছ ৱেষ্টাৰ্ণ ৰিজাৰ্ভ ইউনিভাৰ্ছিটিত ইথাৰ চিনাক্তকৰণৰ উদ্দেশ্য এলানি পৰীক্ষা সম্পন্ন কৰিছিল আৰু সেই একেটা বছৰৰে নৱেম্বৰ মাহত পৰীক্ষাৰ ফলাফলসমূহ আমেৰিকান জাৰ্ণেল অৱ ছায়েন্সত প্ৰকাশ কৰে।[1] মাইকেলচন-ম'ৰ্লিৰ এই পৰীক্ষাই ইথাৰ তত্ত্বৰ ভেটি শিথিল কৰি তোলে। তদুপৰি এই পৰীক্ষাই গৱেষণাৰ অন্য এক পথ মুকলি কৰি দিয়ে যাৰ ফলস্বৰূপে বিশেষ আপেক্ষিকতাবাদ তত্ত্বৰ জন্ম হয়।[2]
মাইকেলচন-ম'ৰ্লি ধৰণৰ পৰীক্ষা সংবেদনশীলতা বৃদ্ধি কৰি বহুবাৰলৈ সম্পন্ন কৰা হৈছে। ইয়াৰ ভিতৰত ১৯০২ চনৰ পৰা ১৯০৫ চনলৈ কৰা পৰীক্ষাসমূহ আৰু ১৯২০ দশকত কৰা শৃংখলাবদ্ধ পৰীক্ষাসমূহ অন্যতম। ২০০৯ চনত সম্পন্ন কৰা অপটিকেল ৰেজোনেটৰ পৰীক্ষাই ১০−১৭ স্তৰত ইথাৰ বতাহৰ অনুপস্থিতি নিশ্চিত কৰে।[3][4] ইভ্ছ-ষ্টিলৱেল আৰু কেনেডী-থৰ্ণডাইক পৰীক্ষাকে ধৰি মাইকেলচন-ম'ৰ্লি ধৰণৰ পৰীক্ষাসমূহ বিশেষ আপেক্ষিকতাবাদ তত্ত্বৰ বুনিয়াদী পৰীক্ষাসমূহৰ ভিতৰত অন্যতম।[5]